
হিট এণ্ড ৰান নন্দিনী কাশ্যপক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰত
ৱেব ডেস্ক: অৱশেষত গ্রেপ্তাৰ হ’ল গুৱাহাটীৰ ‘হিট এণ্ড বান’ গোচৰত অভিযুক্ত অভিনেত্রী নন্দিনী কাশ্যপ। কালি নিশা ডেৰ বজাত গ্রেপ্তাৰ কৰা হয় অভিনেত্রী নন্দিনী কাশ্যপক। নন্দিনী কাশ্যপৰ উপ-আৰক্ষী আয়ুক্ত (ডি ডি পি) জয়ন্ত সাৰথি বৰাই।
সংবাদমেল সম্বোধন কৰি ডি চি পি জয়ন্ত সাৰথি বৰাই কয় যে ২৫ জুলাইৰ নিশা ওদালবাক্রাত দুর্ঘটনাটো সংঘটিত হৈছিল। দুর্ঘটনাৰ দিনা যান-বাহন আৰক্ষী ঘটনাটোৰ গ্রেপ্তাৰ সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে গুৱাহাটী যান-বাহন আৰক্ষী শাখাৰবিষয়ে অবগত নাছিল। ২৬ জুলাইতহে যান-বাহন আৰক্ষীৰ ঘটনাটো অবগত হয়। নন্দিনী কাশ্যপক থানালৈ মাতি সোধা-পোছা কৰি ক্ৰিয়াৰ ব’ণ্ডত যাবলৈ দিয়া হৈছিল। ২৮ জুলাইৰ দিনা পুনৰ দিছপুৰ থানালৈ মাতি আনি সোধা-পোছা কৰা হৈছিল অভিনেত্ৰীগৰাকীক। লগতে আৰক্ষী বিষয়াগৰকীয়ে কয় যে এই দুর্ঘটনাটো সন্দর্ভত প্রথমাবস্থাত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে যিসমূহ ধাৰা সন্নিৱিষ্ট কৰা হৈছিল সেইসমূহ জামিনযোগ্য ধাৰা আছিল। মঙলবাৰে সন্ধিয়া ছামিউল হকৰ মৃত্যুৰ পিছত আদালতত আৰক্ষীয়ে জামিনবিহীন ধাৰা সন্নিবিষ্ট কৰাৰ বাবে আবেদন কৰিছিল।
প্রথম গোচৰটো দিছপুৰ থানাত ৬৩০/২০২৫ ইউ এছ ১১৫(২)/১২৫(বি)/২৮১ বি এন ছ ২০২৩ ধাৰাত গোচৰ ৰুজু হৈছিল। শেহতীয়াকৈ বি এন এছ ১ ১০৫ ধাৰা গোচৰটোত সন্নিৱিষ্ট কৰা হৈছে। তেওঁ লগতে কয় পূৰ্বৰ গোচৰটোত জামিনযোগ্য ধাৰা সন্নিবিষ্ট আছিল। সেয়ে দুবাৰকৈ থানালৈ অহাৰ পিছতো তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল আৰক্ষীয়ে। ১০৫ নং জামিনবিহীন ধাৰাটো সংযোগ কৰি তেওঁক নিশা ১.৩০ বজাত গ্রেপ্তাৰ কৰা হৈছে। নন্দিনী কাশ্যপে চলোৱা বাহনখন জব্দ কৰা সন্দৰ্ভত আৰক্ষীৰ মন্তব্য এই সন্দর্ভত ডি চি পিয়ে কয়, নন্দিনী কাশ্যপে চলোৱা বাহনখন জব্দ কৰি এম ভি আই কৰি পঠোৱা হৈছিল যদিও পুনৰ বাহনখন ফৰেনছিক পৰীক্ষাৰ বাবে জব্দ কৰা হৈছে। বাহনখনে দুচকীয়া বাহনখনত খুন্দিয়াইছিল নে নাই সেয়া পৰীক্ষা কৰা হ’ব। নন্দিনীৰ বাহনৰ বিৰুদ্ধে আছিল ৫খনকৈ চালান। উল্লেখ্য যে নন্দিনী কাশ্যপে চলাই থকা বাহনখনৰ বিৰুদ্ধে আছিল ৫খন চালান।
অতিৰিক্ত গতিবেগত বাহন চলোৱাৰ বাবেই ভৰিবলগীয়া হৈছিল এই জৰিমনা। এই সন্দর্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত ডি চি পিগৰাকীয়ে কয় যে গুৱাহাটী যান-বাহন আৰক্ষীৰ ওচৰত নন্দিনী কাশ্যপৰ কোনো চালান নাই। অৱশ্যে পূর্বে বিভিন্ন জিলাত তীব্র বেগত গাড়ী চলোৱাৰ বাবে জৰিমনা বিহাৰ তথ্য পোৱা গৈছে। আনহাতে দুর্ঘটনাটোৰ কথা পোহৰলৈ অহাৰ পাছত সংবাদ মাধ্যমৰ সম্মুখত নন্দিনী কাশ্যপে সেইদিনা ৰাতি আৰক্ষীক কথাটো জনোৱা বুলি উল্লেখ কৰিছিল।
এই সন্দতি ডি চি পিয়ে কয় যে দুর্ঘটনা সন্দৰ্ভত দিছপুৰ যান-বাহন আৰক্ষী অৱগত নাছিল। কোন বিষয়াৰে নন্দিনীয়ে যোগাযোগ কৰিছিল অথবা ছামিউলৰ সতীর্থসকলে ১০০ নম্বৰত ফোন কৰাৰ কথাত অজ্ঞতা প্রকাশ যান-বাহন শাখাৰ ডি চি পিৰ। তেওঁ কয় গোচৰটো হিট এণ্ড ৰান হয় নে নহয় সেয়া তদন্তত ওলাব। গোচৰ পঞ্জীয়ন হৈছে