
ৰঙাপৰা সমজিলাৰ আয়ুক্তৰ কাৰ্য্যালয় মুকলি মন্ত্ৰী পিয়ুষ হাজৰিকাৰ
ৱেবডেস্ক : শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ ১৭ খন গাঁও পঞ্চায়ত সামৰি নতুনকৈ গঠন হোৱা ৰঙাপৰা সমজিলাৰ আয়ুক্তৰ কাৰ্যালয় আজি আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ জলসম্পদ আৰু সামাজিক ন্যায় ও সবলীকৰন বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই।
আনহাতে ,লুৰিন জ্যোতি গগৈ আৰু কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কত মন্ত্ৰী পিয়ুষ হাজৰিকাই কয় যে লুৰিন জ্যোতি গগৈয়ে কৈছিল কংগ্ৰেছৰ সৈতে তেওঁৰ মতাদৰ্শৰ মতবিৰোধ আছে কিন্তু ৰাইজৰ বাবে সহাবস্থান কৰিবলৈ বাধ্য হৈছো৷ কিন্তু লুৰিন জ্যোতি গগৈয়ে ৰাইজৰ বাবে সহাবস্থান নহয় কিবাকে কংগ্ৰেছৰ বোকোচাত উঠি বিধায়ক বা সাংসদ হবলৈহে মন মেলিছে বুলি কটাক্ষ কৰে মন্ত্ৰী গৰাকীয়ে। লগতে বৰ্তমান তিনি গগৈৰ কোনো কাম নাই আৰু তিনি গগৈ সন্দৰ্ভত প্ৰশ্ন নকৰিবলৈ আহ্বান মন্ত্ৰী পিয়ুষ হাজৰিকাৰ।সমজিলাৰ আয়ুক্তৰ কাৰ্য্যালয় মুকলি অনুষ্ঠানটিত মন্ত্ৰী গাৰাকীক সহযোগ কৰে সমষ্টিটোৰ বিধায়ক কৃষ্ণকমল তাতীয়ে৷