
ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰি দিলে শ্মশান
ৱেব ডেস্ক: ৰাজনৈতিক দল-সংগঠন সমূহে উন্নয়নৰ ঢাক-ঢোল বজাই থকা সময়তে বাক্সাৰ বিভিন্ন অঞ্চলত চৰ্চালৈ আহিছে ৰমেন মদাহি নামৰ এগৰাকী যুৱ নেতাৰ নাম ।
বাক্সাৰ ক’কলাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাউখাটা-সাদেৰী অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি চৰকাৰক আবেদন নিবেদন কৰিও মৃতকৰ দাহ কাৰ্যৰ বাবে লাভ কৰা নাছিল এখন শ্মশান । কিন্তু যুৱ নেতা ৰমেন মদাহিয়ে গাঁওখনৰ প্ৰায় পাঁচশটা পৰিয়ালৰ সুবিধাৰ্থে এখন শ্মশান ঘাট নিৰ্মাণ কৰি দিয়ে । তাকে লৈ ৰাইজেও এতিয়া আশীৰ্বাদ দিছে যুৱ নেতা গৰাকীক । নেতা গৰাকীৰ মহানুভৱতাৰ ফলতে ৰাইজ এতিয়া উপকৃত হৈছে ।
উল্লেখ্য যে এইগৰাকী ৰমেন মদাহিয়ে লাউখাটা-সাদেৰী গাঁৱত এটি মন্দিৰো নিৰ্মাণ কৰি বদন্যতাৰ পৰিচয় দিছিল। লগতে বিভিন্ন স্থানত নিজৰ জেপৰ টকাৰে পথ মেৰামতি, দলং নিৰ্মাণ ইত্যাদিৰ কামো কৰি আহিছে ।