
কঁঠালগুৰি আদৰ্শ চিকিৎসালয়ত ২৪ ঘন্টাই চিকিৎসা প্ৰদানৰ দাবীত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ
তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্ত কঁঠালগুৰি স্থিত আদৰ্শ চিকিৎসালয়ত ২৪ ঘন্টাই ৰোগীক সেৱা আগবঢ়োৱা দাবীত আজি অসমীয়া যুৱ মঞ্চই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ চৰকাৰী চিকিৎসালয়খন কংগ্ৰেছ চৰকাৰৰ আমোলতে নিৰ্মাণ কৰা হৈছিল যদিও ৰাইজৰ সুবিধা হোৱাকৈ আজিলৈকে পূৰ্ণাংগ হৈ হে নুঠিল।
স্থানীয় দল সংগঠন আৰু ৰাইজে চিকিৎসালয়খন পূৰ্ণাংগ ৰূপত আৰু ২৪ ঘন্টাই ৰোগীৰ সহায়ক হোৱাকৈ মুকলি কৰিব বাবে বাৰম্বাৰ দাবী জনাই আহিছে যদিও চৰকাৰ তথা চিকিৎসা বিভাগে এই ক্ষেত্ৰত কোনো গুৰুতৰ নিদিয়া অভিযোগ উত্থাপিত হৈছে। চিকিৎসালয়খনত ২৪ ঘণ্টাই ৰোগীক চিকিৎসা প্ৰদান কৰাৰ দাৱীৰে আজি অসমীয়া যুৱ মঞ্চই বৰডুমচাত এক প্ৰতীকী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সভাপতি গৌতম বৰুৱাই অতি শীঘ্ৰে সংগঠনটো দাবী পুৰণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ দাবী জনাইছে অন্যথা আগন্তুক দিনত ৰাইজৰ সহযোগত বৃহত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।