
ৰূপজ্যোতি কুৰ্মীৰ জন্মদিনত অবিবাহিত মহিলাৰ স্বাৱলম্বিতাৰ বাবে 'পাতি হাঁহ বিতৰণ'
টীয়ক: সমাজত অবিবাহিত মহিলাৰ বাবে চিন্তা চৰ্চা কৰা মানুহৰ সংখ্যা খুব কম। তেওঁলোক যেন সমাজৰ ক্ষেত্ৰতে অৱহেলিত। তেওঁলোক দুশ্চিন্তাত ভোগে।নিজক পৰিচালিত কৰিবলৈ মানসিক আৰু শাৰীৰিক কষ্টই জুমুৰি ধৰে। সমাজত এই অবিবাহিত মহিলাসকলৰো বহু অৱদান আছে।
তেওঁলোকক উৎসাহিত কৰিবৰ বাবে টীয়কৰ “শিকলি”ৰ উদ্যোগত কবি শিশু সাহিত্যিক অৰূপজ্যোতি হাজৰিকাই মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ জন্মদিনৰ দিনাই এক নতুন পৰিকল্পনাৰে অবিবাহিত মহিলাক স্বাৱলম্বী হ’ব নিৰ্মিতে প্ৰথম পৰ্যায়ত টীয়ক পৰ্বতীয়া গাঁৱৰ দহ গৰাকী মহিলা ক্ৰমে ৰুণুমী হাজৰিকা, বাসন্তী বৰা,ৰুণু বৰুৱা,জানু বৰবৰা,অনু বৰবৰা,মনু বৰুৱা,মামু বৰা,নিৰু বৰুৱা,জোনমণি হাজৰিকাক পাতি হাঁহ বিতৰণ কৰে।
মধ্য টীয়ক গাঁও পঞ্চায়ৰ নৱ নিৰ্বাচিত-সভাপতি মিন্টু বৰুৱা, প্ৰাণজিত দাস টীয়ক মণ্ডলৰ সমিতি সামাজিক মাধ্যমৰ আহ্বায়ক, ৱাৰ্ড সদস্য পাপু শৰ্মা, সাংবাদিক বিৰাজ বৰা উপস্থিত থাকে। কৰ্মদক্ষ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ জন্মদিন উপলক্ষ্যে কৰা অনুষ্ঠানটো বিষয়ে সকলোৱে ভূঁয়সী প্ৰশংসা কৰে। লগতে বিধায়কজনে আৰু দুগুণ উৎসাহেৰে সমষ্টিৰ কাম কৰিব পাৰে লগতে অনাগত দিনত মৰিয়নি সমষ্টিৰ পৰা মন্ত্ৰীত্ব লাভ কৰে তাৰ বাবে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।