
বালিপৰাৰ লোকৰা সোনাইমিৰি গাঁৱৰ মুকবধিৰ যুৱক নিৰূদ্দেশ
ৱেবডেস্ক : শোনিতপুৰৰ বালিপৰাৰ লোকৰা সোনাইমিৰি গাঁৱৰ এজন মুকবধিৰ যুৱক নিৰূদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । বিগত ছয়দিন ধৰি সন্ধানহীন হৈ আছে লোকৰা সোনাইমিৰি গাঁৱৰ ঘনশ্যম ছেত্ৰী নামৰ মুকবধিৰ যুৱকজন । মুকবধীৰ ঘনশ্যাম ছেত্ৰী যোৱা ৩ আগষ্টৰ বিয়লি শ’লমাৰাৰ মোমায়েকৰ ঘৰলৈ যোৱাৰ পথত সন্ধানহীন হয় । ইতিমধ্যে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ৷ উপায়হীন হৈ পৰিয়ালৰ লোকে চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । কিন্তু বৰ্তমান পযন্ত কোনোলোকে সন্ধান লাভ কৰা নাই যুৱকজনৰ।