
পাইকানৰ উচ্ছেদিত ৬৫ টা দেশী জনগোষ্ঠীৰ পৰিয়ালক সংস্থাপন দিব মুখ্যমন্ত্রীয়ে
ৱেব ডেস্ক: গোৱালপাৰা জিলা সাংবাদিক সস্থাৰ কার্যালয়ত আজি এক সংবাদমেল সম্বোধন কৰি পাইকানৰ উচ্ছেদিত ৬৫টা দেশী জনগোষ্ঠীৰ খিলঞ্জীয়া পৰিয়ালক মুখ্যমন্ত্রীয়ে সংস্থাপন দিব বুলি ঘোষণা কৰে গৰিয়া-মবিয়া-দেশী জাতীয় পৰিষদে। উল্লেখ্য, গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ আশুডুবি-বিদ্যাপাৰা পাইকানৰ উচ্ছেদিত ৬৫টা দেশী অঞ্চলৰ পৰা উচ্ছেদিত দেশী জনগোষ্ঠীৰ ৬৫ টাকৈ ভূমিপুত্র পৰিয়ালক উপযুক্ত ক্ষতিপূৰণসহ পুনৰ সংস্থাপনৰ ব্যবস্থা কৰিবলৈ ২৪ জুলাইত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ গোৱালপাৰা জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ এখন স্মাৰক-পত্র প্রেৰণ কৰিছিল।
পৰিষদৰ জিলা সভাপতি খালিদ হুছেইন আৰু সম্পাদক ছানিদুল ইছলাম স্বাক্ষৰিত স্মাৰক পত্রত উল্লেখ কৰা মতে উচ্চ ন্যায়ালয়ৰ নির্দেশত অসম চৰকাৰ তথা জিলা প্রশাসনে গোৱালপাৰা জিলাৰ পাইকানৰ আশুডুবি-বিদ্যাপাৰাত চলোবা উচ্ছেদ অভিযানত খিলঞ্জীয়া ভূমিপুত্র গৰিয়া তথা দেশী জনগোষ্ঠীৰ ৬৫টা পৰিয়ালৰ ঘৰ উচ্ছেদ কৰা হৈছে। গতিকে উক্ত জনগোষ্ঠীৰ উচ্ছেদিত লোকসকলক উপযুক্ত ক্ষতিপুৰণসহ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে পৰিষদে। উল্লেখ্য, ১২ জুলাইত পাইকান সংৰক্ষিত বনাঞ্চলৰ আশুডুবি আৰু বিদ্যাপাবাব উচ্ছেদ অভিযান চলাই ১০৩৮টা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি পেলোৱা হয়। ইয়াৰে বিদ্যাপাৰাৰ ২৭৮,২২৭/২৭৪ নং দাগত সাহাজুদ্দিন সেখ, ছমিনুৰ ইছলাম, আব্দুল খলিল, ফুলবৰ আলী, চৈয়দ আলী, সহব আলী,আনহাৰ আলী আদিকৰি ৬৫টা দেশী জনগোষ্ঠীৰ পৰিয়ালক উচ্ছেদ কৰা হৈছে।
সেয়ে ভূমিপুত্র এই দেশী জনগোষ্ঠীৰ পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণসহ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ গোৱালপাৰা জিলা সমিতিয়ে। এই সন্দর্ভত সদৌ অসম গবিয়া-মবিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্রীয় কমিটাৰ সৈতে হোৱা আলোচনাৰ সময়ত মুখ্যমন্ত্রীয়ে উক্ত ৬৫টা দেশী জনগোষ্ঠীৰ পৰিয়ালক পুনৰ সংস্থাপনৰ আশ্বাস দিয়ে বুলি আজি সংবাদ মেলত সদৰী কৰে পৰিষদৰ জিলা সভাপতি খালিদ হুছেইনে। সংবাদ মেলত তেওঁ আৰু কয় যে যিহেতু উচ্ছেদিত দেশী জনগোষ্ঠীৰ লোকসকল চৰ চাপৰিৰ পৰা অহা লোক নহয়। সেয়ে আমত্মক এ-৭ দিনৰ ভিতৰত ওচৰে-পাজৰে সংস্থাপনৰ ব্যবস্থা কৰিবলৈ দাবী জনাইছে।
চনকাৰে জলাশয় আৰু সংৰক্ষিত বনাঞ্চলত চলোৱা উচ্ছেদক সমর্থন জনাই খালিদ হুছেইনে কয় যে উচ্ছেদ হ’ব লাগে। কিন্তু উচ্ছেদিত লোকসকল যাতে অনাহাৰে থাকিবলগীয়া নহয়,তাব প্রতি বৃষ্টি দিবলৈ চৰকাৰক আহ্বান জনাইছে। উচ্ছেদক লৈ একাংশ দল-সংগঠনে ৰাজনীতি কন্ঠ বুলি মন্তব্য কবে হুছেইনে।
বিশেষকৈ গোৱালপাৰাৰ স্থানীয় বিধায়ক এ কে বহিদ আলম আৰু সাংসদ ৰকিবুল গমেইনও গোৱালপাৰাৰ উচ্ছেদৰ বাবে জগৰীয়া বুলিও এক গুদতৰ অভিযোগ উত্থাপন কৰিছে খালিদে। কিয়নো যেতিয়া মানুহবিলাক বনাঞ্চলৰ ভূমিত বহিছিল, তেতিয়া অসমত কংগ্রেছদলব চককাৰ আছিল আৰু উক্ত সময়তে মানুহখিনিক বাধা দিব লাগিছিল। ইফালে ২০ বছৰ পূর্বে কংগ্রেছন চৰকাৰ চলি থকা সময়ত বিধায়ক আফতাব উদ্দিন মোল্লাই বাক্ষসিনীদ মাটি দখল কৰাৰ বিপৰীতে এ কে বছিদ আলমে জেএফএমটি গঠন কৰি ৰাক্ষসিনীক ফৰেষ্ট বনাবলৈ চেষ্টা কৰিছিল।
ইফালে কংগ্রেছ চৰকাৰৰ উদ্দ্বনিৰ বাবেই গোয়ালপাৰা জিলাত বাধাৰ খেতি আৰু তৈল খেজুৰৰ খেতি আবস্ত হয় আৰু তদানীন্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে আহি কেৰালাৰ উদহৰণেৰে গোৱালপাৰাত বাবাৰ খেতিব শুভাবগ্ন কৰিছিল। এতিয়া কি যুক্তিৰ ভিত্তিত বর্তমান কৰাৰ খেতি লৈ কংগ্রেহে ৰাজনীতি আৰম্ভ কৰিছে বুলিও কটাক্ষ কৰে।
ইফালে গোৱালপাৰাত আলাপ-আলোচনাৰ মাজেৰে বিকল্প সংস্থাপনব ব্যৱস্থা কৰি উচ্ছেদ কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে আশ্বাস দিয়ে যদিও বিধায়ক এ কে বছিদ আলম আৰু সাংসদ ধফিকুল হুছেইনে বিধি-পথালি দি মুখ্যমন্ত্রীকপ্রত্যাহ্বান জনাই আলোচনাৰ। পথ বন্ধ কৰি দিয়ে। লগতে সমাধানৰ কথা চিন্দ্র নকৰি কেরুল ভোটন স্বার্থত যি দিনা উচ্ছেদ করা হয় সেই দিনানতুন পায়জামা। পাঞ্জানী পিদ্ধি আৰক্ষীন বেৰিকেডৰ সম্মুখত থৈ হৈ চৈ লগাই বাইজন দৃষ্টি আকর্কাৰ বাৰ সস্ত্রীয়া ৰাজনীতি কৰা বুলিও এক গুৰুতৰ অভিযোগ উত্থাপন কৰে খালিদ হুছেইনে। সংবাদ মেলখনত গোয়ালপাৰা জিলা গবিয়া-মবিয়া-দেশী জাতীয় পৰিষদৰ কেইবাদবাকী বিষয়ববীয়া উপস্থিত থাকে।