
বকোত ব্ৰজপাত পৰি দুজন নিহত তিনিজন গুৰুতৰ ভাবে আহত
বকো: বকোত হৃদয় বিদাৰক ঘটনা । ব্ৰজপাত পৰি দুজন নিহত তিনিজন গুৰুতৰ ভাবে আহত। নিহত লোক দুজন হল নীলকমল দাস (২৩) কমল বড়ো (৪০)। নীলকমল দাসৰ ঘৰ ২নং দিলিংগা আৰু কমল বড়োৰ ঘৰ পুখুৰিপাৰাত। আহত লোক কেইজন হল গোবিন্দ দাস (৫৫) মমতা বসুমতী, ৰিম্পী বড়ো। গুৰুতৰ ভাবে আহত গোবিন্দ দাসক GMCH লৈ প্ৰেৰন কৰে। পথাৰত কৃষি কাম কৰি থকা অৱস্থাত আবেলি অহা বৰষুণৰ ব্ৰজপাতত সংঘটিত হয় হৃদয় বিদাৰক ঘটনা।