
মাজুলী আঁহতগুৰি কংস চাপৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ
ৱেব ডেস্ক: দেৰগাঁৱৰ কাষৰীয়া মাজুলী বিধানসভা সমষ্টিৰ অন্তৰ্গত আহঁতগুৰি কংস চাপৰিত বিভিন্ন প্ৰান্তৰ প্ৰায় ২০০ টা মান বনৰীয়া হাতীৰজাকে মুক্ত বিচৰণ কৰি ৰাইজৰ নিদ্ৰাহৰণ কৰিছে আহঁতগুৰি কংসচাকৰিৰ বহু কেইটা অঞ্চলত। প্ৰায় ২০০ বন্য হস্তী থকা এই বৃহৎ জাকটোৱে আহঁতগুৰি কংস চাপৰি,মাজৰ চাপৰি,চেচুগুৰিকে ধৰি বৃহৎ শিকলি চাপৰিত কুঁহিয়াৰবাৰী আৰু কঠীয়াতলী সম্পূৰ্ণৰূপে অনিষ্ট কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে বন্য হস্তী জাকটোৱে দিনৰ ভাগত কাষৰীয়া চম্পক চাপৰিত আশ্ৰয় লৈ থাকে আৰু নিশা হ’লেই সেই অঞ্চল কেইটাত কুঁহিয়াৰ,শালিধানৰ খাই তহিলং কৰে।
বন্য হস্তী দলটোৰ উপদ্ৰপত অতিষ্ঠ হৈ পৰা স্থানীয় ৰাইজে বন্য হস্তী জাকটো খেদি পঠাবৰ বাবে বনবিভাগৰ সৈতে বহুবাৰ যোগাযোগ কৰিছে যদিও আজিলৈকে কিন্তু ৰাইজে কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে।
ভুক্তভোগী ৰাইজে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি বন্য হস্তীৰ উপদ্ৰৱৰ সম্পৰ্কে বন বিভাগৰ লগত যোগাযোগ কৰোঁতে বন বিভাগৰ সকলো কৰ্মচাৰী উচ্ছেদস্থলীলৈ গ’ল বুলি কৈ বন্য হস্তীৰ এই বিষয়টোৰ পৰা গা-এৰা মন্তব্য দিয়ে। আঁহতগুৰি অঞ্চলৰ ৰাইজে যিকোনো প্ৰকাৰে বন্য হস্তীৰ জাকটো ইয়াৰ পৰা খেদি পঠাবলৈ বন বিভাগক পুনৰ আহ্বান জনায়।