
জৰাসৰ নদী আৰু জীয়াভৰলী নদীৰ বাঢ়নি পানীয়ে ক্ষতিগ্ৰস্ত কৰিছে ৰাইজক
ৱেবডেস্ক : বিগত কেইবাদিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি আহিছে নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জৰাসৰ নদী আৰু জীয়াভৰলী নদী৷নদী দুখনৰ বাঢ়নি পানীয়ে ৰাইজৰ ঘৰৰ চোতাল আৰু পথ সমুহো দুবাই ৰাখিছে ৷
নদী দুখনৰ বাঢ়নি পানীয়ে দাতি কাষৰিয়া গাঁও সমুহৰ ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰাৰ খৱৰ পাই সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই আজি জলসম্পদ বিভাগৰ বিষয়া আৰু ৰাজহচক্ৰ বিষয়ক লগত লৈ অঞ্চল দুটা পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয়৷ বিধায়ক পদ্ম হাজৰিকাই জামুগুৰিহাটৰ চামধৰাৰ বজাৰ গাঁৱত জীয়াভৰলী নদীৰ পানী সোমোৱা ঘৰ সমুহৰ পদুলিত উপস্থিত হৈ সকলো আশংকা দুৰ কৰাৰ আশ্বাস প্ৰদান কৰে।
আধুনিক জিঅ টিউৱ পদ্ধতিৰে বাঢ়নি পানী ৰোধ কৰা হব বুলি কয়৷বিধায়ক গৰাকীয়ে কয় যে বালিপৰাৰ জৰাসৰ নদীৰ বাঢ়নি পানী ও গড়াখহনীয়া প্ৰতিৰোধৰ বাবে জিঅ টিউৱৰ ব্যৱস্থা কৰা হৈছিল।
এই জিঅটিবৰ মাজেৰেই পানী পাৰ হোৱাত দিঘলী আৰু উদমাৰী গাঁও দুখনৰ ৰাইজৰ মাজত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে যদিও বিভাগীয় বিষয়া কৰ্ম্মচাৰী সকলক এই সমস্যা দুৰ কৰিবলৈ নিৰ্দ্দেশ দিয়া হৈছে৷ জামুগুৰিহাটৰ ছিলাবন্ধা গাওপঞ্চায়ত এলেকাৰ চামধৰা বজাৰ গাঁৱৰ বানাক্ৰান্ত ৰাইজক সহায় সহযোগিতা আগবঢ়াই পঞ্চায়ত সভাপতি জয়ন্ত বৰাৰ নেতৃত্বত আঞ্চলিক সদস্যা আৰু ৱাৰ্ড সদস্য সদস্যা সকলে৷