এই চাৰিটা সমস্যা থাকিলে কেতিয়াও নহৰু নাখাব, অধিক জানক পঢ়ক ।

871

সাধাৰণতে প্ৰতিটো পাকঘৰতে নহৰু খাদ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। বহুতে নহৰু খায় ইয়াৰ উপকাৰিতাৰ বাবে। নহৰু খোৱাৰ উপকাৰিতাৰ বিষয়ে বহুতে নিশ্চয় বহুত শুনিছে। কিন্তু কিছুমান ক্ষেত্ৰত নহৰুৱে শৰীৰৰ বহু ক্ষতি কৰিব পাৰে। হয়তো বহুতে এই কথা নাজানে।

যদি কোনো ব্যক্তিৰ শৰীৰত তলত দিয়া সমস্যাবোৰ দেখা যায়, তেন্তে নহৰু খোৱাৰ পৰা বিৰত থকাটো ভাল।

১) হাৰ্টবাৰ্ণ: কাৰোবাৰ যদি হাৰ্টবাৰ্ণৰ সমস্যা হয়, তেন্তে নহৰুৰ সেৱন যিমান পাৰি কম কৰিব লাগে। সাধাৰণতে অতিৰিক্ত টেঙা খাদ্য ৰান্ধিলে যথেষ্ট পৰিমাণৰ নহৰুৰ প্ৰয়োজন হয়। আৰু সেই খাদ্যবোৰ খাবলৈ ভাল হ’লেও কিছুমান ক্ষেত্ৰত কেৱল শৰীৰৰ বাবে ভাল নহয়। যদি হাৰ্টবাৰ্ণৰ সমস্যা থকাসকলে এনে টেঙা খাদ্য নিয়মিতভাৱে খায় তেন্তে তেওঁলোকৰ হাৰ্টবাৰ্ণৰ সমস্যা দিনক দিনে বাঢ়ি যাব, যিটো শৰীৰৰ বাবে অতি স্বাভাৱিকভাৱে ক্ষতিকাৰক।

২)দুৰ্বল পেটৰ সমস্যা: দুৰ্বল পেটৰ সমস্যাত ভুগি থকা বহু লোক আছে। ইয়াৰ অৰ্থ হ’ল অত্যধিক টেঙা খাদ্য বা অত্যধিক খোৱা-বোৱা যিটো পেটে সহ্য কৰিব নোৱাৰে। এনে সমস্যাৰ মাজতো যদি নহৰুৰ পৰিমাণ কমি নাযায় তেন্তে পেট দুৰ্বল হোৱাৰ সমস্যা বাঢ়িব পাৰে। যাৰ বাবে শৰীৰ দুৰ্বল হ’ব পাৰে। এই ক্ষেত্ৰত অতিৰিক্ত নহৰুৰ নোখোৱাই ভাল।

৩)ঘাম আৰু মুখৰ দুৰ্গন্ধ: আশে-পাশে বহুত ঘামচি ওলোৱা মানুহ আছে। লগতে মুখৰ দুৰ্গন্ধ। এনে ক্ষেত্ৰত নহৰু খোৱাৰ পৰা বিৰত থকাটোৱেই বুদ্ধিমানৰ কাম। কাৰণ নহৰু খোৱাৰ ফলত এনে সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি।

৪)ব্লাড থিনাৰ: চিকিৎসকৰ পৰামৰ্শ মতে দৈনিক ব্লাড থিনাৰ সেৱন কৰা সকলৰ বাবে নহৰু একেবাৰেই স্বাস্থ্যকৰ নহয়। কাৰণ বহু ক্ষেত্ৰত নহৰু খোৱাৰ প্ৰভাৱৰ বাবে এই ঔষধে শৰীৰত সঠিকভাৱে কাম কৰিব নোৱাৰে।

Leave A Reply

Your email address will not be published.