তিতাবৰত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ, শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ

977

গণ বাৰ্তা, তিতাবৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত বিদ্যুত মাচুল বৃদ্ধিৰ প্ৰতিবাদত তিতাবৰ আঞ্চলিক সমিতিয়ে আজি শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰুপায়ন কৰে। তিতাবৰ ন আলি স্থিত এপিডিচিএল কাৰ্যালয়ৰ সন্মুখৰ ৰাজপথত অৰ্দ্ধ শতাধিক সদস্যৰ উপস্থিতিত প্ৰতিবাদ সাব্যস্ত কৰে আঞ্চলিক সমিতিয়ে।

উক্ত কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক অসীম জ্যোতি শইকীয়া, জিলা সমিতিৰ ৰাতুল হাজৰিকা, কিশোৰ দত্ত, আঞ্চলিক সমিতিৰ উপদেষ্টা জয়ন্ত গগৈ, ৰত্ন গগৈ, দিপক নেওগ, আঞ্চলিক সমিতিৰ সভাপতি ৰাজীৱ শৰ্মা, সাধাৰণ সম্পাদক অঞ্জন জ্যোতি শইকীয়াৰ লগতে আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু শাখা সমিতিৰ সদস্যসকল উপস্থিত থাকে। প্ৰতিবাদকাৰী সকলে শক্তি মন্ত্ৰী মূর্দাবাদ, বিদ্যুৎ মাচুল বৃদ্ধি কোনো কাৰণত মানিলোৱা নহব, বিদ্যুৎ যোগান নিয়মীয়া কৰক, আদি ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে। উল্লেখযোগ্য যোগ্য যে, কিছুদিনৰ পৰা তিতাবৰত বিদ্যুৎ যোগান একেবাৰে নিয়মীয়া হোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত ৰাইজে বহুতো জীয়াতু ভুগিব লগা হৈছে।

Leave A Reply

Your email address will not be published.