যোৰহাটত স্বাধীনতা যুঁজাৰু বাহাদুৰ গাওঁবুঢ়া আৰু ফৰমুদ আলি স্মাৰক বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

765

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাটঃ যোৰহাট চেণ্ট্ৰেল ক্লাৱৰ উদ্যোগত আজি আচিয়ানা ভৱনত অনুষ্ঠিত হয় স্বাধীনতা যুঁজাৰু বাহাদুৰ গাঁওবুঢ়া আৰু ফৰমুদ আলি স্মাৰক বঁটা প্ৰদান অনুষ্ঠান। চেন্ট্ৰেল ক্লাৱৰ সম্পাদক আলহাজ তৌফিকুল হুছেইনে উদ্দেশ্য বাখ্যা কৰা আৰু সাংবাদিক ৰীয়াৰাণী দত্তই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানটো পৰিচালনা কৰি আদৰণি ভাষণ প্ৰদান কৰে ক্লাৱৰ সভাপতি নাৱাজ আহমদে। বঁটাপ্ৰাপক ব্যক্তি বিশিষ্ট সাংবাদিক-সাহিত্যিক টেৰেছা ৰহমান আৰু বিশিষ্ট কাৰু শিল্পী মোহন শইকীয়াই ‘বাহাদুৰ গাওঁবুঢ়া আৰু ফৰমুদ আলিয়ে স্বাধীনতা আন্দোলনত কি দৰে ব্ৰিটিছৰ অত্যাচাৰ সহিব লগীয়া হৈছিল সেই সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। আৰু সেই মহান ব্যক্তি দুজনৰ নামত এনে অনুষ্ঠান অনুষ্ঠিত কৰি নৱ প্ৰজন্মক সেই মহান ব্যক্তি দুজনৰ সন্দৰ্ভত অৱগত কৰিবলৈ চেষ্টা কৰা কাৰ্যক যোৰহাট চেণ্ট্ৰেল ক্লাৱক তেওঁলোকে শলাগ লয়।

আনহাতে চেন্ট্ৰেল ক্লাৱৰ প্ৰাক্তন সদস্য তথা প্ৰয়াত সদস্যকেইজনক সুঁৱৰি তেওঁলোকৰ আত্মীয় ক্ৰমে মিৰ্জা আহমেদ, চাকিলা বানু, মহচিন আহমদ, চায়েৰা বেগমৰ লগতে আৰু কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।আনহাতে বিশিষ্ট সমাজ সেৱিকা আৰিফা জামান, মল্লিকা ৰাহমান, চেহনাজ আহমেদ, সমাজ সেৱক তমজিদুৰ ৰহমান, তহিদ ৰহমান, বিশিষ্ট সংগীত শিল্পী প্ৰসেনজিত লাহন, কোভিড কালত ভেকচিনৰ সন্দৰ্ভত চেন্ট্ৰেল ক্লাৱক বিশেষ ভাবে সহায় কৰা বিশিষ্ট সমাজ সেৱক ঈশ্বৰপ্ৰসন্ন বৰদলৈ, যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন মহন্ত, ৱাচিম ৰহমান, নেকিব আহমেদ, সমাজ সেৱক পাৰভেজ মেহেদিকে, প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তিক আৰু ক্লাৱৰ জ্যেষ্ঠ সদস্যসকলক উদ্যোগতাসকলে ৰাজহুৱাকৈ সম্বৰ্ধনা জনায়। স্বাধীনতা যুঁজাৰু বাহাদুৰ গাওঁবুঢ়াৰ সন্দৰ্ভত চালেক আহমেদ আৰু ফৰমুদ আলিৰ সম্পৰ্কত পাৰভেজ হুছেইনে চমু বক্তব্য প্ৰদান কৰা অনুষ্ঠানটোত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি বাহাদুৰ গাঁওবুঢ়াৰ কৰ্মৰাজি আৰু তেখেতৰ ত্যাগৰ সন্দৰ্ভত বিস্তৃতভাবে আলোকপাত কৰে প্ৰেৰণাৰ অধ্যক্ষ চায়েৰা ৰহমানে। লগতে বঁটাপ্ৰাপক ব্যক্তি দুগৰাকীক কিতাপৰ টোপোলা আগবঢ়ায় সাহিত্যিক পদ্মশ্ৰী বঁটা প্ৰাপক প্ৰয়াত আব্দুছ চাত্তাৰৰ সুযোগ্য সন্তান চালেক আহমেদ আৰু আদিব আহমেদে । পক্ষী প্ৰেমী ফিৰোজ হুছেইনে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত বিশিষ্ট ব্যক্তি হিচাপে মঞ্চত উপস্থিত থাকে শিক্ষাবিদ আলহাজ নাজিমুদ্দিন খনিকৰ, নেকিবুৰ ৰহমান বৰবৰা, লিয়াকত হুছেইন, চৈয়দ আব্দুল হালিম, নৱাব নাচিৰুদ্দিন আহমেদ,দীপক ৰফিক আহমেদ, নাজিফুৰ ৰহমান শইকীয়া, আবুল হুছেইন, ৰফিউল হুছেইনকে প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

উল্লেখ্য যে স্বাধীনতা যুঁজাৰু এই দুজন মহান ব্যক্তিৰ নামত প্ৰতি বছৰে বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰিব বুলি চেন্ট্ৰেল ক্লাৱৰ সম্পাদক তৌফিকুল হুছেইনে জানিবলৈ দিছে। লগতে জিলা প্ৰশাসনে কছাৰী ফিল্ডত আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা মন্ত্ৰীয়ে দিয়া ভাষণত স্বাধীনতা যুঁজাৰু বাহাদুৰ গাওঁবুঢ়া আৰু ফৰমুদ আলিৰ নাম নোলোৱাত আজিৰ অনুষ্ঠানত বক্তব্য প্ৰদান কৰা কেইবাগৰাকী বক্তাই আক্ষেপ প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.