দিল্লীৰ প্ৰতিবাদী মল্লযোদ্ধাৰ কাষত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৷

1,248

দিল্লীৰ প্ৰতিবাদী মল্লযোদ্ধাৰ কাষত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৷

শুকুৰবাৰে ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দুখন এজাহাৰ পঞ্জীয়ন কৰে দিল্লী আৰক্ষীয়ে ৷

ইফালে, প্ৰতিবাদস্থলীৰ বিদ্যুৎ আৰু পানীৰ সংযোগ কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰিছে মল্লযোদ্ধাসকলে ।

শুকুৰবাৰে দিল্লীৰ কনট প্লেচ আৰক্ষী থানাত বিজেপিৰ সাংসদ তথা ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) সভাপতি ব্ৰজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ পঞ্জীয়ন কৰা হয়। দিল্লী আৰক্ষীয়ে ব্ৰিজ ভূষণৰ বিৰুদ্ধে এগৰাকী নাবালক মল্লযোদ্ধাক যৌন নিৰ্যাতন কৰাৰ অভিযোগত শিশুৰ সুৰক্ষা আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। একে সময়তে, আন ৬ গৰাকী মহিলা মল্লযোদ্ধাৰ যৌন নিৰ্যাতনৰ অভিযোগত দ্বিতীয়টো এজাহাৰ পঞ্জীয়ন কৰা হয়।

২১ এপ্ৰিলত, এগৰাকী নাবালকসহ সাতগৰাকী মহিলা মল্লযোদ্ধাই ব্ৰিজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল কিন্তু সেই সময়ত দিল্লী আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰা নাছিল। যাৰ বাবে মল্লযোদ্ধাসকলে পৰৱৰ্তী পৰ্যায়ত উচ্চতম ন্যায়ালয়ত দৰাস্থ হয়।

Leave A Reply

Your email address will not be published.