ধেমাজিত পুৱতি নিশা চাঞ্চল্যকৰ ট্ৰাক হাইজেক।

458

ধেমাজিত পুৱতি নিশা চাঞ্চল্যকৰ ট্ৰাক হাইজেক ৷ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা ট্ৰাকৰ ড্ৰাইভাৰ হেন্দিমেনক ষ্প্ৰে মাৰি লুটি নিলে দহ হেজাৰ টকা ৷ উত্তৰ প্ৰদেশৰ পৰা ধেমাজিলৈ জিঅ’ বেগ কঢ়িয়াই আনিছিল ট্ৰাকখনে ৷ সমগ্ৰ ঘটনা বন্দী চিচি টিভিৰ কেমেৰাত ৷

আজি পুৱতি নিশা ধেমাজিৰ তেলিজানস্থিত মুংচ্যাং হোটেলৰ সন্মুখত ৰাষ্টীয় ঘাইপথ চিলভাৰ কালাৰৰ এল্টত আহি তিনি ডকাইতে ট্ৰাকৰ সন্মুখৰ গ্লাছ কাটি লুটি নিলে নগদ ধন আৰু মোবাইল ফোন ৷ নিশা ট্ৰাকত শুই থকা অৱস্থাত ট্ৰাকৰ ড্ৰাইভাৰ – হেণ্ডিমেনৰ চকুৱে মুখে স্প্ৰে মাৰি লুটি লৈ গ’ল নগদ দহ হেজাৰ টকা আৰু মোবাইল ফোন ৷ উত্তৰ প্ৰদেশৰ পৰা জিঅ বেগ কঢ়িয়াই আনিছিল ট্ৰাক খনে ৷ ধেমাজি নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এই চাঞ্চল্যকৰ ডকাইটি কাণ্ডই স্তম্ভিত কৰি তুলিছে সচেতনমহলক ৷

Leave A Reply

Your email address will not be published.