পুনৰ চতুৰ্থবাৰলৈ পিতৃ হ’বলৈ ওলাইছে বলীউডৰ জনপ্ৰিয় অভিনেতা অৰ্জুন ৰামপাল ।

1,063

পুনৰ চতুৰ্থবাৰলৈ পিতৃ হ’বলৈ ওলাইছে বলীউডৰ জনপ্ৰিয় অভিনেতা অৰ্জুন ৰামপাল । তেওঁৰ প্ৰেমিকা গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছে এক সুন্দৰ গাউনত প্ৰদৰ্শন কৰিলে নিজৰ বেবী বাম্পৰ ফটো ।

বলীউডৰ অভিনেতা অৰ্জুন ৰামপাল চতুৰ্থবাৰৰ বাবে পিতৃ হ’বলৈ গৈ আছে। তেওঁৰ প্ৰেমিকা গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছে শনিবাৰে ইনষ্টাগ্ৰামত নিজৰ বেবী বাম্পৰ ফটো পোষ্ট কৰে।

গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছে বেবী বাম্পৰ ছবি পোষ্ট কৰি লিখিছে, ৰিয়েল নে এআই? অৰ্জুন ৰামপালৰ প্ৰেয়সীয়ে নিজেই গৰ্ভধাৰণক লৈ প্ৰশ্ন উত্থাপন কৰি সন্দেহৰ সৃষ্টি কৰিছিল। অৱশ্যে নেটিজেনে তেওঁক অভিনন্দন জনাবলৈ নাপাহৰিলে।

কাজল আগৰৱালা আৰু তানিয়া ঘভৰীয়ে গেব্ৰিয়েলাৰ ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, ‘মম লাভ ইউ’। এমি জেকচনে লিখিছে, ‘অ’ মোৰ প্ৰেম!! তোমাৰ লগতে তোমাৰ সুন্দৰ পৰিয়ালটোৰ বাবে মই বৰ সুখী।’ ইয়াৰ বাহিৰেও মনিকা ডোগ্ৰা, অমৃতা অৰোৰা, প্ৰজ্ঞা কাপুৰ আদিয়ে তেওঁক শুভেচ্ছাৰ বৰষুণ দিলে।

প্ৰসংগক্ৰমে ২০১৮ চনৰ পৰা অৰ্জুন আৰু গেব্ৰিয়েলাৰ সম্পৰ্ক। গেব্ৰিয়েলাৰ সম্পৰ্কৰ বাবেই অৰ্জুনে মেহৰ জেছিয়াৰ সৈতে প্ৰায় দুটা দশকৰ বিবাহৰ অন্ত পেলাইছিল। ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে অৰ্জুন আৰু গেব্ৰিয়েলাৰ প্ৰথম সন্তান এৰিকৰ জন্ম হয়, যি এতিয়া ৩ বছৰীয়া। যদিও তেওঁলোকৰ বৈধভাৱে বিবাহ হোৱা নাছিল। অৰ্জুনৰ প্ৰথম পত্নী মেহৰ জেছিয়াৰ সৈতে মায়ৰা আৰু মাহিকা নামৰ দুগৰাকী কন্যাও আছে।

Leave A Reply

Your email address will not be published.