মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তীত হৰি নামৰ ধৱনিৰে মুখৰিত যোৰহাট

778

গণবাৰ্তা বিশেষ, যোৰহাটঃ আজি ৰাজ্যৰ চৌ দিশৰ লগতে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল যোৰহাটৰ আকাশ বতাহ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আজি যোৰহাটৰ বিভিন্ন স্থানৰ নামঘৰ সমূহত উদযাপন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী। সেই উপলক্ষে আজি পুৱাৰ পৰাই জিলা খনৰ বিভিন্ন গাঁও সমূহ মুখৰিত হৈ পৰে হৰি নামৰ ধ্বনিৰে। খোল তালৰ ধ্বনিৰ লগতে ধূপ ধুনাৰ সুগন্ধিৰে মুখৰিত হৈ পৰে জিলাখনৰ নামঘৰ সমূহ। জিলাখনৰ বিভিন্ন নামঘৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচী ৰে আয়োজন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তীৰ কাৰ্যসূচী। কালি দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন স্থানত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আৰু আজি পুৱাৰ পৰা অনুষ্ঠিত কৰা হয় জন্ম জয়ন্তীৰ কাৰ্যসূচী। বিভিন্ন নামঘৰত আজি পুৱা উষা কীৰ্ত্তনৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। তাৰ পাছতে অনুষ্ঠিত কৰা হয় ভাগৱত শোভাযাত্ৰা। এই ভাগৱত শোভাযাত্ৰাত হৰি নামৰ ধৱনিৰে মুখৰিত হৈ পৰে যোৰহাটৰ সমূহ গাঁও। একেদৰে যোৰহাটৰ চহৰাঞ্চলৰ নামঘৰ সমূহতো সৃষ্টি হয় উখল মাখন পৰিবেশৰ।

আজি যোৰহাটৰ চাৰিগাঁও বৰনামঘৰ, কাঠনিয়াৰকুৰি নামঘৰ, বাঘমৰা নামঘৰ, ৰজাবাৰী টোকলাই বৰনামঘৰ, আতিলা গাঁও নামঘৰ, জেইলৰোড নামঘৰ, মনাইমাজি ডেকাকুৰি নামঘৰ, গামটৌ গাওঁ বৰ নামঘৰত বিস্তৃত কাৰ্য্যসূচী ৰে পালন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তীৰ কাৰ্য্যসূচী। আনহাতে নিশালৈ জিলা খনৰ ভিন্ন নামঘৰত প্ৰদৰ্শন কৰা হয় মহাপুৰুষীয়া ভাওনা। ইয়ৰোপৰি পশ্চিম যোৰহাটৰ আজান গাওঁ বৰনামঘৰত আজিৰে পৰা তিনি দিনীয়াকৈ পালন কৰা হৈছে মহাপুৰুষ জনাৰ জন্মজয়ন্তী| আজি পুৱা উষা কীৰ্ত্তনৰ পাছতে ধ্বৰ্ম ধ্বজা উত্তোলন কৰা হয়| ইয়াৰ পিছতে ক্ৰমে বন্তি ন খন গাওঁৰ হৈ ন গছি বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পন, চাৰি শাস্ত্ৰ প্ৰতিস্থা কৰাৰ পিছতে হস্তী সহ আকৰ্ষনীয় ভাগৱত শোভাযাত্ৰা বাহিৰ কৰা হয়| নিশালৈ দিহানাম প্ৰতিযোগীতা অনুস্থিত হয়| আনহাতে কালিলৈ বৰগীত , খোল বাদন, দশাৱতাৰ নৃত্য আদি বিভিন্ন প্ৰতিযোগীতা অনুস্থিত হ’ব| অন্তিম দিনৰ কাৰ্য্যসুচীত “তযু গুন নাম” শীৰ্ষক ধৰ্মালোচনী সভাৰ পিছত নিশালৈ স্থানীয় শিশু শিল্পীৰ দ্বাৰা “ৰাম পৰাজয় সীতাৰ পাতাল গমন” নামৰ ভাওঁনা খনি অভিনয় কৰা হ’ব বুলি জানিব দিছে উদ্যোক্তা সকলে| আনহাতে যোৰহাটৰ চাৰিঙিয়া অঞ্চলত ওলোৱা ভাগৱত শুভাযাত্ৰাত অংশগ্ৰহণ কৰা ভক্ত বৈষ্ণৱ সকলক চৰবত আৰু পানী আদি যোগান ধৰি সম্প্ৰীতিৰ নিৰ্দশন দেখুৱাই আজান চাৰিঙিয়া মছজিদ পৰিচালনা সমিতিৰ সদস্য সকলে।

Leave A Reply

Your email address will not be published.