যোৰহাটত হাজীসকলৰ মত-বিনিময় আৰু চুকৰীয়া দোৱাৰ অনুষ্ঠান সম্পন্ন: বহু লোকৰ অংশগ্ৰহণ

868

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট১০ ছেপ্টেম্বৰঃ পবিত্ৰ মক্কাশ্বৰিফলৈ এইবাৰ হজ কৰিবলৈ যাওঁতে কি-কি সমস্যাৰ সন্মুখীন হল,আৰু হজৰ অভিজ্ঞতাৰ সন্দৰ্ভত মত পোষণ কৰিবলৈ উজনি অসম হজযাত্ৰী তদাৰক কমিটিৰ উদ্যোগত দেওবাৰে যোৰহাট নগৰৰ আচিয়ানাত অনুষ্ঠিত হয় হাজীসকলৰ মত- বিনিময় আৰু চুকৰীয়া দোৱাৰ অনুষ্ঠান । উজনি অসম হজযাত্ৰী তদাৰক কমিতিৰ সম্পাদক আলহাজ আবু হুছেইনে উদ্দেশ্যে ব্যাখ্যা কৰা আৰু কমিটিৰ সভাপতি আলহাজ হাচিম হাজৰিকাই পৰিচালনা কৰা অনুষ্ঠানটোত হাজীসকলে মক্কাত কেনেকৈ হজ সম্পন্ন কৰিলে, হজ কৰিবলৈ যাওঁতে কি কি সমস্যাৰ সন্মুখীন হৈছিল সেই সন্দৰ্ভত কেইবাগৰাকী হজীয়ে নিজ নিজ বক্তব্যত দাঙি ধৰে । লগতে উজনি অসম হজ তদাৰক সমিতিয়ে হজযাত্ৰী সকলক কেনেদৰে সহায় কৰিছিল সেই সন্দৰ্ভতো কেইবাজনো হজীয়ে নিজৰ বক্তব্যত উল্লেখ কৰে। উল্লেখ্য যে মক্কালৈ গৈ হজ কৰি সু-কলমে মক্কাৰ পৰা ঘূৰি অহাৰ বাবে মহান আল্লাৰ ওচৰত চুকুৰীয়া আদায় কৰিবলৈ হাজীসকলে আজি দোৱা কৰে। এই অনুষ্ঠানত যোৰহাটৰ বিশিষ্ট সমাজ কৰ্মী আলহাজ টফচিউল মান্নান, অলহাজ নেকিবুৰ ৰহমান বৰবৰা, বিশিষ্ট শিক্ষাবিদ ড0 সঞ্জন আলি হাজৰিকা,দীপক ৰফিক আহমেদ,চফিকুল হুছেইনকে ধৰি কমিটিৰ সমূহ সদস্য উপস্থিত থকা অনুষ্ঠানটোত যোৰহাটৰ দাঁতিকাষৰীয়া অঞ্চলৰ কেইবাজনো হজীৰ লগতে যোৰহাট নগৰৰ বহু সংখ্যকলোকে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.