“সাহস” ৰ উদ্যোগত ক্ৰীড়া ফেল’শ্বিপ প্ৰদান

819

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাটঃ অগ্ৰণী সামাজিক অনুষ্ঠান “সাহস”ৰ উদ্যোগত আজি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যালয়ত দুগৰাকীকৈ কৃতীমান খেলুৱৈক আজি ক্ৰীড়া ফেল’শ্বিপ প্ৰদান কৰা হয় ৷ “সাহস”ৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে সভাপতিত্ব কৰা অনুষ্ঠানটোত বৰদলৈয়ে সাহসৰ জন্মলগ্নৰ উদ্দেশ্য স্মৰণ কৰি কয়,প্ৰাত:স্মৰণীয় ব্যক্তিসকলক শ্ৰদ্ধাস্মৰণ বা স্মৃতি দিৱস উদযাপন,জাতীয় কৃষ্টি-সংস্কৃতিক পৰম্পৰাগতভাবে উদযাপন, আৰ্তজনক সহায়,থলুৱা উদ্যোগীসকলক স্বেচ্ছামূলকভাবে বা পেচাদাৰীতাৰে উৎসাহ প্ৰদান আৰু উদীয়মান খেলুৱৈসকলক ক্ৰীড়া জলপাণি প্ৰদানৰ উদ্দেশ্যেৰে এচাম সামাজিকভাবে দায়বদ্ধ উদীয়মান যুৱক-যুৱতীৰ ঐকান্তিক প্ৰচেষ্টাত ২০২৩ চনৰ ৫ জানুৱাৰীত “সাহস”ৰ জন্ম হৈছিল ৷ সেই অনুসৰি ধাৰাবাহিকভাবে সাহসে জন্মলগ্নৰে পৰাই উদ্দেশ্যসমূহ সন্মুখত ৰাখি কাম-কাজ কৰি আহিছে ৷ বৰদলৈয়ে লগতে কয় বিগত দশক সমূহত যোৰহাটত বহু প্ৰতিভাৱান খেলুৱৈৰ জন্ম হৈছে,যিসকলে বিভিন্ন ক্ৰীড়াত ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত অংশগ্ৰহণ কৰি পদক অৰ্জনেৰে যোৰহাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সমৰ্থৱান হৈছে ৷ কিন্তু পৰিতাপৰ বিষয়,যিসময়ত খেলুৱৈসকলে বৃহৎ প্ৰতিযোগিতাসমূহৰ বাবে পূৰ্ণোদ্যমে প্ৰস্তুতি চলোৱাৰ প্ৰয়োজন,সেই একেই সময়তে সমান্তৰালভাবে তেওঁলোকে অহা-যোৱাৰ খৰচৰ যোগাৰ বিচাৰি সময় ব্যয় কৰিবলগীয়া হৈছে ৷ অৰ্থনৈতিক অনগ্ৰসৰতা যাতে ক্ৰীড়াৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ ৰূপে থিয় দিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক অনুষ্ঠান সাহসে উদীয়মান খেলুৱৈসকলক পৰ্য্যায়ক্ৰমে ক্ৰীড়া ফেল’শ্বিপ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

সেই অনুসৰি,আগন্তুক ২৫ চেপ্তেম্বৰৰ পৰা মালয়েচিয়াত অনুষ্ঠিত হ’বলগীয়া বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰা যোৰহাটৰ দুই সু-সন্তান ক্ৰমে ঈশান কাশ্যপ আৰু যশপ্ৰীত কৌৰক দহহাজাৰ কৈ সৰ্বমুঠ বিছহাজাৰ টকা ফেল’শ্বিপ হিচাপে প্ৰদান কৰা হয় ৷ সভাখনত উপস্থিত থাকি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে কয়,বহু বাধ্যবাধকতাৰ বাবে চৰকাৰে কৰিব নোৱাৰা এনে কাম “সাহস”ৰ তৰফৰ কৰাত আদৰণী জনোৱাৰ লগতে খেলুৱৈদুগাৰকীক শুভেচ্ছা জ্ঞাপন কৰে ৷ আজিৰ সভাতেই যোৰহাট প্ৰেছ ক্লাৱৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক পৰমানন্দ বৰাক উদ্যোক্তাসকলৰ তৰফৰ পৰা ফুলাম গামোছাৰে অভিনন্দন জ্ঞাপন কৰে ৷ নিজ বক্তব্যত পৰমানন্দ বৰা আৰু জ্যেষ্ঠ সাংবাদিক তথা “সাহস”ৰ অন্যতম অভিভাৱকস্বৰূপ দিগন্ত বুঢ়াগোহাঁইয়ে “সাহস”ক ভূয়সী প্ৰশংসা কৰাৰ লগতে এনে যোগাত্মক যাত্ৰাৰ দীৰ্ঘজীৱি কামনা কৰে ৷ “আজু”ৰ যোৰহাট জিলা সমিতিৰ সভাপতি যোগেশ ওঝা,সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈ,”সাহস”ৰ উপদেষ্টা চিৰঞ্জীৱ দত্ত উপস্থিত থকা সভাখনত যোৰহাট আৰ্মৰেষ্টলিং ফেডাৰেশ্যনৰ সভাপতি মুুুুুকুল শইকীয়াই কয়,এনে পদক্ষেপৰ বাবে হৃদয়ৰ নিভৃত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দশকযোৰা অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ ফলত আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈৰ সৃষ্টি হোৱাত কষ্ট সাৰ্থক হৈছে বুলি অভিহিত কৰে ৷ শেষত,আশীৰ্বাদ সূচক বক্তব্যত জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি ললিত বৰাই দুয়োগৰাকী খেলুৱৈক আশীৰ্বাদ প্ৰদান কৰাৰ লগতে “সাহস”ৰ কাৰ্য্যকৰী সভাপতি অভিজিত বৰুৱাই এইমাহতে টানজেনিয়াত অংশগ্ৰহণ কৰিবলগীয়া বিশ্বপৰ্য্যায়ৰ প্ৰফেশ্যনেল বক্সিঙৰ আগন্তুক খেলত সফলতা অৰ্জনৰ বাবেও আশীৰ্বাদ প্ৰদান কৰে ৷ বাতৰি কাকতলৈ প্ৰেৰিত এক বিবৃতিত “সাহস”ৰ সাধাৰণ সম্পাদক অংকুৰ খাৰঘৰীয়াই কয়,নাম প্ৰকাশত অনিচ্ছুক কেইবাগৰাকী শুভাকাংক্ষীয়ে আমাক এই যাত্ৰাত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ জিলা ক্ৰীড়া সন্থা,”সাহস”,আৰ্মৰেষ্টলিং ফেডাৰেশ্যনৰ বিষয়ববীয়াকে ধৰি
অনুষ্ঠানটোত অৰ্ধশতাধিকতকৈও অধিক ক্ৰীড়াপ্ৰেমী ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

Leave A Reply

Your email address will not be published.