চৰজমিন তদন্তত পোহৰলৈ আহিল বহু ৰহস্যজনক তথ্য
কেন্দ্ৰীয় চৰকাৰে লোকসভা আৰু ৰাজ্যসভাৰ দুয়োখন সদনত বাক্ফ সংশোধনীয় আইন গৃহীত কৰাৰ পিছত সমগ্ৰ ভাৰতবৰ্ষতে এই আইনখনক লৈ এক তীব্র ক্রিয়া-প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমতো এই আইনখনৰ পক্ষে-বিপক্ষে বিভিন্ন দল-সগঠনৰ ক্ৰিয়া-প্রতিক্রিয়া হৈছে। ইফালে অসম ৱাফ্ফ ব’ৰ্ডৰ এজন প্রাক্তন অধ্যক্ষই এই সুযোগতে নানা ভুল তথ্যৰে অসমৰ জনসাধাৰণক বিপথে পৰিচালনা কৰাৰ বাবে অপচেষ্টা চলাইছে। সুবিধাবাদী ব্যক্তিজনে আইনখনৰ পক্ষে বা বিপক্ষে স্পষ্টকৈ কোনো মত নিদিয়াকৈ তেওঁৰ কাৰ্যকালৰ সময়ত ব’ৰ্ডত নিযুক্তি লাভ কৰা এগৰাকী মহিলা সহকাৰী পৰিদৰ্শকৰ বিৰুদ্ধে নানা কুচক্রান্ত ৰচোঁতেই ব্যক্ত হৈ পৰিছে। মুষ্টিমেয় কেইজনমান সাংবাদিকক ভুল তথ্যৰে তেওঁলোকক বাতৰি পৰিৱেশন কৰি তেওঁ নিজকে হিবো সজাবলৈ বিচাৰিছে।
উল্লেখযোগ্য তেওঁৰ কাৰ্যকালৰ সময়ত ৱাক্ফ ব’ৰ্ডৰ এটা এল ডি এছিছটেন্ট আৰু এটা এছিছষ্টেণ্ট ইন্সপেক্টৰৰ মুঠ দুটা পদৰ নিযুক্তি দিয়া হয়। ‘দ্য আছাম ট্রিবিউন’ কাকতত একেদিনাই প্রকাশ কৰা এটা বিজ্ঞাপনৰ দ্বাৰা আৰু এই অধ্যক্ষগৰাকীয়ে চূড়ান্ত বাছনিৰ তালিকাত স্বাক্ষৰ কৰাৰ পিছত একেজন কাৰ্যবাহী বিষয়াই একেলগে উক্ত দুটা পদত নিযুক্তি প্রদান কৰে। আচৰিত কথা যে উক্ত এল ডি এছিছটেন্ট পদত নিযুক্তি পোৱা ৰেজাউল ইছলাম ৰাহুলৰ নাম পোহৰলৈ অনাৰ বিপৰীতে কেৱল এগৰাকী মহিলা এছিছটেল্ট ইন্সপেক্টৰ পদত নিযুক্তি পোৱা জান্নাতুন নাইয়ুমৰ নাম প্রাক্তন অধ্যক্ষ নেকিবুৰ জামানে বিতর্কলৈ আনি নানা অপব্যাখ্যাৰে ডিঙিৰ সিৰ ফুলাই ফুলাই প্ৰচাৰ মাধ্যমত সময়ে সময়ে অভিযোগ কৰা দেখা যায়। এনেধৰণৰ কার্যকলাপ আজি প্রায় ১০ বছৰে দেখি আহাৰ পাছত মহিলা এছিছটেন্ট ইন্সপেক্টৰ গৰাকীৰ নিযুক্তিৰ সন্দৰ্ভত আমি এটা চৰজমিন তদন্ত চলাই জানিব পাৰিলোঁ যে তথাকথিত উক্ত জ্যেষ্ঠ অধিবক্তা তথা ব’ৰ্ডৰ প্রাক্তন অধ্যক্ষগৰাকী ইমান তললৈ গৈ কিমান কূট ৰচনা কৰিব পাৰে সেই কথা আমি এই প্রতিবেদনত ফাদিল কৰিব পাৰিম। অসম রাকফ বোর্ডৰ এলডি এছিছটেন্ট আৰু এছিছটেন্ট
ইন্সপেক্টৰ দুটা পদৰ বাবে ‘দ্য আছাম ট্রিবিউন’ কাকতত যোৱা ১২-০৪-২০১৩ চনত এটা বিজ্ঞাপন জাৰি কৰা হৈছিল। সেই পদবীৰ দুটাৰ বাবে অন্যান্য প্রার্থীৰ লগত জান্নাতুন নাইয়ুমে এছিছটেন্ট ইন্সপেক্টৰ আৰু ৰেজাউল ইছলাম বাহুলে এল ডি এছিছটেন্ট পদৰ বাবে প্রার্থী হিচাপে আবেদন কৰিছিল। সেই পদ দুটাৰ বাবে ২৫-১১-২০১৩ তাৰিখে গুৱাহাটীৰ পল্টনবজাৰস্থিত মাদ্রাছা হাইস্কুলত অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত দুয়োগৰাকী প্রার্থীয়ে অন্যান্য প্রার্থীসকলৰ লগত জান্নাতুন নাইয়ুম আৰু ৰেজাউল ইছলাম ৰাহুল লিখিত পৰীক্ষাত অৱতীর্ণ হয়। ‘দ্য আছাম ট্রিবিউন’ কাকতত ২১-০১-২০১৫ তাৰিখে লিখিত পৰীক্ষাৰ ফলাফল প্রকাশ পোৱা মতে এছিছটেন্ট ইন্সপেক্টৰ প্রার্থী জান্নাতুন নাইয়ুম (ৰোল নং-৩৩) আৰু এলডি এছিছটেন্ট পদৰ প্রার্থী ৰেজাউল ইছলাম ৰাহুল (বোল নং-৬৩) মৌখিক পৰীক্ষাৰ বাবে নিৰ্বাচিত হয়। সেই মর্মে ২১-০১-২০১৫ তাৰিখে অসম বাষ্ণ ব’ৰ্ডৰ কাৰ্যালয়ত মৌখিক পৰীক্ষা অনুষ্ঠিত হয়। এই পদ দুটাৰ মৌখিক পৰীক্ষা লোৱাৰ বাবে দায়িত্ব আছিল পেনেল কমিটীৰ অধ্যক্ষ মণিকল হুছেইন আৰু অসম চৰকাৰৰ এচিএছ বিষয়া চৈয়দা হাছিনা মূর্ছিদ বহমান। এইখিনলৈকে সকলো ঠিকেই আছিল। মণিঝল হুছেইনে এগৰাকী মহিলা প্রার্থীক আশ্চর্যজনকভাবে যিধৰণে মানসিকভাবে ভীতিগ্রস্ত কৰাৰ উপৰি মূল বিষয়ৰ পৰা ফালবি কাটি অবান্তৰ প্ৰশ্নৰে প্রার্থীগৰাকীক হাৰাশাস্তি কৰিলে ইতিমধ্যে তাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। হুছেইনে কৰা এই কার্যত অধ্যক্ষ নেকিবুৰ জামান জড়িত আছিল সেই তথ্যও আমি জনামহঁক। শ্রী হুছেইনে জান্নাতুম নাইয়ুমক একো নম্বৰ নিদিয়াকৈ আৰু তেওঁৰ লগত থকা আনগৰাকী সদস্যক নম্বৰ প্ৰদান কৰিবলৈ আইন বহির্ভূতভাৱে বাধা দিয়ে আৰু পৰীক্ষার্থীগৰাকীক ওলাই যাবলৈ কয়। ইয়াৰ পিছত মৌখিক পৰীক্ষাৰ ফলাফলৰ তালিকাখন পেনেল কমিটীৰ অধ্যক্ষ মণিকল হুছেইনে মুখ্য কার্যবাহী বিষয়াগৰাকীৰ হাতত দাখিল কৰিব লাগে যদিও তেওঁ জমা নিদিয়াকৈ নিজৰ ঘৰলৈ লৈ যায় আৰু নিযুক্তি প্রক্রিয়াটো দীর্ঘদিন ধৰি তেওঁ বন্ধ কৰি ৰাখে। ইপিনে শ্বহিদুল ইছলাম নামৰ এগৰাকী প্রার্থীয়ে আৰটিআইযোগে মৌখিক পৰীক্ষাৰ বাবে নির্বাচিত হোৱা তেওঁলোকৰ লিখিত পৰীক্ষাৰ নম্বৰ আবেদনৰ যোগেদি সকলোৱে পাবলৈ সক্ষম হৈছিল। আশ্চৰ্যৰ বিষয় যে মৌখিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ প্রায় এমাহ কাল অবাঞ্ছিতভাৱে অতিক্রম কৰাৰ পিছতো ইয়াৰ ফলাফলৰ তালিকা অসম ৱাক্ফ বোৰ্ডৰ কাৰ্যবাহী বিষয়াৰ হাতত জমা নিদিয়াৰ বাবে বিষয়াজন বিমোৰত পৰে। উপায়বিহীন হৈ অসম ৱাক্ফ ব’ৰ্ডৰ মুখ্য কার্যবাহী বিষয়াই ২৭-০৪-২০১৫ তাৰিখে No. – ABW.II-13/Pt./2014/100, নম্বৰৰ পত্ৰযোগে পেনেল কমিটীৰ অধ্যক্ষ মণিৰুল হুছেইনলৈ জৰুৰীভাৱে এখন পত্র প্ৰেৰণ কৰে। পত্ৰখনত তেওঁ উল্লেখ কৰে যে পদ দুটা পূৰণ কৰাৰ ক্ষেত্রত ইতিমধ্যে যথেষ্ট পলম হৈছে। গতিকে আৰু পলম নকৰি মৌখিক পৰীক্ষাৰ ফলাফল বোর্ডৰ মুখ্য কাৰ্যবাহীৰ হাতত জমা দিবলৈ অৱগত কৰে। মুখ্য কাৰ্যবাহী বিষয়াৰ চিঠি পোৱাৰ পিছত মণিৰুল হুছেইনে মৌখিক পৰীক্ষাৰ চূড়ান্তৰ ফলাফলৰ তালিকা জমা দিয়ে। মণিৰুল হুছেইনে মৌখিক পৰীক্ষাৰ তালিকা জমা দিয়াৰ পাছত তেওঁ জান্নাতুন নাইয়ুমৰ প্ৰতি কৰা আক্রোশমূলক ব্যৱহাৰৰ বহিঃপ্রকাশ ঘটাই মৌখিক পৰীক্ষা তেওঁ শূন্য নম্বৰ প্ৰদান কৰে আৰু আনগৰাকী বিষয়াই উপায়বিহীন হৈ ৩ নম্বৰ প্ৰদান কৰে। অথচ জান্নাতুন নাইয়ুমে লিখিত পৰীক্ষাত ১০০ৰ ভিতৰত ৮০ নম্বৰ লাভ কৰিছিল। মৌখিক পৰীক্ষাৰ ২০ ৰ ভিতৰত ৩ আৰু লিখিত পৰীক্ষাৰ ১০০ ৰ ভিতৰত ৮০ মুঠ ৮৩ নম্বৰ লাভ কৰি তালিকাৰ শীৰ্ষ স্থান দখল কৰে। এই প্ৰক্ৰিয়াৰ নেপত্যত থাকি পেনেল কমিটীৰ অধ্যক্ষ আৰু বাছনি কমিটীৰ অধ্যক্ষ দুয়োজনে তেওঁলোকৰ নিজৰ পছন্দৰ প্ৰাৰ্থীক চাকৰিটো প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যর্থ হৈ আকৌ এক নতুন কূট ৰচনা আৰম্ভ কৰিলে। এই ক্ষেত্ৰত মণিৰুল হুছেইনৰ চক্ৰান্ত জল্ পকৈ ধৰা পৰিল তেওঁ কৰা কাৰ্যৰ পৰা। কিয়নো পেনেল কমিটীৰ চূড়ান্ত ফলাফলৰ তালিকাত অধ্যক্ষ মণিৰুল হুছেইনৰ আৰু বাছনি কমিটীৰ চূড়ান্ত ফলাফলৰ তালিকাত অধ্যক্ষ নেকিবুৰ জামানৰ স্বাক্ষৰ কৰি মুখ্য কাৰ্যবাহী বিষয়াৰ হাতত জমা দিয়াৰ প্ৰায় দুমাহৰ পাছত মণিৰুল হুছেইনে নেকিবুৰ জামানলৈ এখন গোপন পত্ৰ প্ৰেৰণ কৰিছিল। পত্ৰখনত এইবুলি লিখিছিল যে জান্নাতুন নাইয়ুমে লিখিত পৰীক্ষাত লাভকৰা নম্বৰৰ ওপৰত তেওঁৰ সন্দেহ উপজিছে। গতিকে বিষয়টো তদন্ত কৰিব লাগে আৰু পাৰিলে প্ৰক্ৰিয়াটো পুনৰ আৰম্ভ কৰিব লাগে। এই প্ৰক্ৰিয়াটোৰ কূট-কৌশল ৰচনাৰ আঁৰত আছিল দুয়োজন অধ্যক্ষ। কিয়নো মণিৰুল হুছেইনৰ পেনেল কমিটীৰ বাকী সদস্যসকলে এই কথা গমেই পোৱা নাছিল যে ব’ৰ্ডৰ অধ্যক্ষলৈ এখন গোপন পত্র দিয়াৰ কথাটো। তিনিজন সদস্য অন্ধকাৰত ৰাখি অধ্যক্ষ নেকিবুৰ জামানলৈ প্ৰেৰণ কৰিছিল এই গোপন পত্ৰ। মণিৰুল হুছেইনৰ কু-চক্ৰান্তৰ কথা গম পাই পেনেল কমিটীৰ বাকী সদস্যকেইজনে ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াক এখন এখনকৈ পত্র লিখি মণিৰুল হুছেইনৰ এই প্ৰস্তাৱক অগ্রাহ্য কৰিব লাগে বুলি দাবী জনায়। কিয়নো তেওঁলোকে মতামত প্রকাশ কৰি পত্ৰখনত লিখিছিল যে ইয়াৰ আগতে সকলোবোৰ কাম তেওঁলোকে সমূহীয়াভাৱে সিদ্ধান্ত লৈছিল। কিন্তু এই পত্রখন মণিৰুল হুছেইনে ব্যক্তিগতভাবে অধ্যক্ষক প্ৰেৰণ কৰা কাৰ্যক তেওঁলোকে নিন্দা কৰি বিৰোধিতা কৰে। ব’ৰ্ডৰ অধ্যক্ষজনে নিজস্বাৰ্থ পূৰণ কৰিব নোৱাৰি আকৌ নতুন বুদ্ধি সাজি ১৪-০৬-২০১৫ তাৰিখেব’ৰ্ডৰ এখন সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। এই সভাত মণিৰুল হুছেইনে দিয়া চিঠিখনৰ কথা উল্লেখ কৰি অধ্যক্ষ জামানে কয় যে যিজন প্রার্থীয়ে সর্বোচ্চ নম্বৰ লাভ কৰিছিল তেওঁ মৌখিক পৰীক্ষাত দুৰ্বল বুলি উল্লেখ কৰিছে,. গতিকে তেওঁৰ মতে এই পৰীক্ষাৰ প্ৰক্ৰিয়াটোত সন্দেহ উপজিছে। গতিকে সর্বোচ্চ নম্বৰ লাভ কৰা জান্নাতুন নাইয়ুমৰ বিষয়টো পুনৰীক্ষণৰ প্ৰয়োজন আছে। সেয়েহে জান্নাতুন নাইয়ুমৰ বাছনি প্ৰক্ৰিয়াটো স্থগিত কৰিব লাগে আৰু গোটেই প্ৰক্ৰিয়াটো পুনৰীক্ষণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাধিবক্তাৰ জৰিয়তে পৰীক্ষা কৰিব লাগে বুলি সভাত প্ৰস্তাৱ ৰাখে। কিন্তু সভাত উপস্থিত থকা ৱাক্ফ ব’ৰ্ডৰ আটাইবোৰ সদস্যই নেকিবুৰ জামানে উত্থাপিত কৰা প্ৰস্তাৱক বিৰোধ কৰে। কিয়নো সদস্যসকলে সভাত ব্যক্ত কৰে যে নিযুক্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে প্রায় দুই বছৰ হৈ গৈছে আৰু ইয়াতকৈ অধিক পলম কৰিব নালাগে। নিযুক্তি প্রক্রিয়াত পেনেল কমিটী আৰু নিৰ্বাচনী কমিটীত নিয়োজিত হোৱা আটাইবোৰ বিশিষ্ট ব্যক্তিসকলে নিষ্ঠা, সুচাৰুৰূপে আৰু সঠিকভাৱে পালন কৰি চূড়ান্ত নম্বৰৰ তালিকা প্রস্তুত কৰিছে। দুয়োখন তালিকাত অধ্যক্ষ নেকিবুৰ জামান আৰু মণিৰুল হুছেইনৰ সৈতে সকলো সদস্যৰ স্বাক্ষৰ আছে। গতিকে এই ক্ষেত্ৰত নেকিবুৰ জামানে ব্যক্তিগত সদস্য হিচাপে প্রদান কৰা মতামতক আন সদস্যসকলে বিৰোধ কৰে। সেইবাবে মহাধিবক্তাগৰাকীলৈ প্ৰেৰণ কৰাৰ কোনো যুক্তি নাই। ইয়াৰ পিছতো সকলো সদস্যৰ মতামতক আওকাণ কৰি অগণতান্ত্রিক আৰু একনায়কত্বভাবে কেৱল মাত্ৰ জান্নাতুন নাইয়ুমৰ বাছনি প্রক্রিয়াটো স্থগিত কৰিবৰ বাবে সম্পূৰ্ণ প্ৰক্ৰিয়াটো পুনৰীক্ষণৰ অজুহাতেৰে নেকিবুৰ জামানৰ ঘনিষ্ঠজনক চাকৰিটো প্ৰদান কৰিবলৈ চক্রান্ত কৰি দীর্ঘদীন ধৰি চলি থকা প্রক্রিয়াটো মহাধিবক্তাৰ মতামত বিচাৰি ০৪-০৮-২০১৫ তাৰিখে No. ABW.II-13/PT/2013/2 নম্বৰৰ এক পত্ৰ প্ৰেৰণ কৰে। –
নিজ স্বার্থ চৰিতাৰ্থৰ বাবে সমাজৰ একাংশ মুধাফুটা ব্যক্তি কিমান তললৈ নামিব পাৰে তাৰেই এক নমুনা দেখা যায় এগৰাকী মহিলাৰ ওপৰত কৰা অন্যায় আৰু অবিচাৰৰ দৰে কাৰ্যৰ পৰা। ইছলাম ধৰ্মাৱলম্বীৰ এটা মহৎ অনুষ্ঠান হৈছে অসম ৱাকফ বোর্ড। এই বোৰ্ডৰ কিছুদিনৰ বাবে কাৰ্যনিৰ্বাহক কৰা এজন অধ্যক্ষ নেকিবুৰ জামান আৰু তেওঁৰ সৈতে মিলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকৰ অন্তর্নিহিত কু-পৰিকল্পনাৰ এক কূটিল চৰিত্ৰ পোহৰলৈ আনিলে মহাধিবক্তাই মুখ্য কার্যবাহী বিষয়ালৈ প্ৰেৰণ কৰা মতামত পত্রই। মহাধিবক্তাগৰাকীয়ে সকলো তথ্য পুংখানুপুংখভাৱে পৰীক্ষা কৰি ১৩-০৮-২০১৫ তাৰিখে No. – AGL 92/78/Pt/405 নম্বৰৰ এক পত্রযোগে অসম ৱাক্ফ ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীলৈ বিস্তৃতৰূপত মতামত ব্যক্ত কৰে। মহাধিবক্তাগৰাকীয়ে দিয়া মতামততেই ব’ৰ্ডৰ অধ্যক্ষগৰাকীৰ প্ৰকৃত স্বৰূপ পোহৰলৈ আনিলে। পত্ৰৰ জৰিয়তে মহাধিবক্তাগৰাকীয়ে এছিছটেন্ট ইন্সপেক্টৰ পদৰ প্ৰাৰ্থী জান্নাতুন নাইয়ুমৰ নিযুক্তিৰ সন্দর্ভত কেইবাটাও দফা আকাৰত উল্লেখ কৰিছে যে- ১) যিহেতু এছিছটেন্ট ইন্সপেক্টৰ পদটোৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো ১২-০৪-২০১৩ ৰ পৰা আৰম্ভ কৰি ইতিমধ্যে ২বছৰৰো অধিক কাল অতিক্ৰম হৈছে, গতিকে আৰু পলম নকৰি বোৰ্ডতে (in house)ই সিদ্ধান্ত ল’ব পাৰিলেহেঁতেন। ২) নিযুক্তি প্রদানৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষই যদি এখন কমিটী গঠন কৰি দিয়ে আৰু তেওঁলোকে নিৰীক্ষণ কৰি প্ৰদান কৰা নম্বৰ কেতিয়াও বাহ্যিক সংস্থা এটা দূৰৰে কথা কোর্ট অৱ ল’ইয়ো ইয়াক সালসলনি কৰিব নোৱাৰে। ৩) মহাধিবক্তাগৰাকীৰ পত্ৰত আৰু উল্লেখ কৰিছে যে ‘ৱাক্ফ ব’ৰ্ডৰ অধ্যক্ষজনে পেনেল কমিটীৰ অধ্যক্ষ মণিৰুল হুছেইনৰ অসন্তুষ্টিৰ ওপৰত ভিত্তি কৰি এই প্রক্রিয়াটো তেওঁলৈ পঠিওৱাৰ সিদ্ধান্ত লৈছিল। মণিৰুল হুছেইনৰ অসন্তুষ্টিৰ কাৰণটো আছিল যে লিখিত পৰীক্ষাত সর্বোচ্চ নম্বৰ লাভ কৰিয়ো মৌখিক পৰীক্ষাত দুৰ্বল ফলাফল আৰু সেয়ে তেওঁ এই প্ৰক্ৰিয়াৰ পুনৰ নিৰীক্ষণ বিচাৰিছিল। সেইবাবে তেওঁ মৌখিক পৰীক্ষাত মাত্র ৩ নম্বৰ পোৱা ফলাফলত হুছেইনে স্বাক্ষৰ
কৰিছিল।’ মহাধিবক্তাগৰাকীয়ে মণিৰুল হুছেইনৰ নিযুক্তি প্ৰক্ৰিয়াৰ পুনৰীক্ষৰণৰ দাবীক নস্যাৎ কৰি আৰু কয় যে যিহেতু তেওঁ মৌখিক পৰীক্ষাৰ ফলাফলত স্বাক্ষৰ কৰি ইতিমধ্যে মুখ্য কার্যবাহী বিষয়ালৈ প্ৰেৰণ কৰিছে। গতিকে তেওঁৰ অসন্তুষ্টিৰ কোনো ভিত্তি নাই বুলি প্রকাশ কৰে। মহাধিবক্তাগৰাকীয়ে আৰু উল্লেখ কৰে যে জান্নাতুন নাইয়ুমৰ নিযুক্তিৰ এই প্রক্রিয়াটো তেখেতলৈ পঠোৱাৰ কোনো দৰকাৰেই নাছিল। এই বিষয়টো বোৰ্ডৰ ভিতৰতেই নিষ্পত্তি কৰিব পাৰিলেহেঁতেন। কিয়নো ইতিমধ্যে বোৰ্ডৰ অধ্যক্ষগৰাকীয়ে লিখিত আৰু মৌখিক দুয়োটা ফলাফলৰ তালিকাত স্বাক্ষৰ কৰি মুখ্য কার্যবাহী বিষয়ালৈ প্ৰেৰণ কৰিছে। কেৱল এয়াই নহয়, পেনেল কমিটীৰ গৰিষ্ঠসংখ্যক সদস্যই এই প্রক্রিয়াটোৰ বিৰোধিতা কৰাৰ পিছতো কেৱল মাত্ৰ মণিৰুল হুছেইনৰ মতামতক গুৰুত্ব প্রদান কৰি একপক্ষীয়ভাৱে মহাধিবক্তালৈ যি পত্ৰ প্ৰেৰণ কৰিলে তাত অসন্তুষ্টি ব্যক্ত কৰে। এই বিষয়টোক লৈ মহাধিবক্তালৈ পত্ৰ প্ৰেৰণ নকৰিলেও হ’লহেঁতেন বুলি পত্ৰখনত উল্লেখ কৰে। ইপিনে মহাধিবক্তাগৰাকীয়ে পত্ৰত আৰু উল্লেখ কৰে যে যিগৰাকীয়ে লিখিত পৰীক্ষাত সর্বোচ্চ নম্বৰ লাভ কৰিছে তেওঁ কেতিয়াও মৌখিক পৰীক্ষাত সর্বনিম্ন নম্বৰ দিব নোৱাৰে। যদি দিয়ে সেইটো অনিয়মত পৰে। নিযুক্তি প্রক্রিয়াটো বাছনি হৈ যোৱাৰ দীর্ঘদিন পিছত মণিৰুল হুছেইনে আপত্তি দর্শোৱা বিষয়টোৱে অযুক্তিকৰ বুলিও মহাধিবক্তাগৰাকীয়ে অভিমত ব্যক্ত কৰি আৰু কয় যে এই প্ৰক্ৰিয়াটো সঠিকভাৱে হৈছে। কেৱল যিয়ে ১০০ৰ ভিতৰত ৮০ পাইছে, তেনে প্রার্থীক মৌখিক পৰীক্ষাত কেৱল ৩ নম্বৰ দিয়াটো সন্দেহৰ বিষয় বুলিও তেওঁ মত প্রকাশ কৰে। ইয়াৰোপৰি মহাধিবক্তাগৰাকীয়ে মত প্রকাশ কৰি কয় যে জান্নাতুন নাইয়ুমৰ বাছনি পৰীক্ষাত কোনো অনিয়ম হোৱা নাই। গৰিষ্ঠসংখ্যক সদস্যই জান্নাতুন নাইয়ুমক বাছনি পৰীক্ষাত চূড়ান্তভাৱে সর্বোচ্চ স্থানত চিহ্নিত কৰিছে আৰু এই বাছনি সঠিকভাৱে হোৱা বুলি মন্তব্য কৰে। সমগ্র প্রক্রিয়াটো ইতিমধ্যে বহু দীঘলীয়া হৈছে, গতিকে আৰু পলম নকৰি এই বাছনি প্রক্রিয়াটো গ্ৰহণ কৰাৰ কাৰণে মহাধিবক্তাগৰাকীয়ে মত দাঙি ধৰে।
অধ্যক্ষ নেকিবুৰ জামানে মহাধিবক্তাগৰাকীৰ এই পত্ৰখন কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰি ৱাক্ফ বোৰ্ডৰ কাৰ্যালয়ত প্রায় ৪ মাহ পেলাই থয়। ইয়াৰ পিছত অসম চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মুখ্য সচিবৰ নিৰ্দেশ মর্মে উপ-সচিব চৈয়দা হাছিনা মুৰ্ছিদ ৰহমানে (এচিএছ) অসম ৱাক্ফ ব’ৰ্ডৰ মুখ্য কার্যবাহী বিষয়ালৈ ১৮ ডিচেম্বৰ ২০১৫ তাৰিখে No. WMD.33/2015/40, নম্বৰৰ এক পত্ৰৰ যোগে আৰু 07-12-2015 তাৰিখে Ref. No. ABW.II 13/Pt/2015/134, মর্মে অসম ৱাক্ফ ব’র্ড লৈ এখন পত্ৰ প্ৰেৰণ কৰে। উক্ত পত্ৰখনত তেওঁ উল্লেখ কৰি
কয় যে অসম বাক্ফ বোৰ্ডৰ এছিছটেণ্ট ইন্সপেক্টৰ নিযুক্তি সংক্ৰান্তত যিজন প্রার্থীয়ে বাছনি পৰীক্ষাত সর্বোচ্চ নম্বৰ লাভ কৰিছে, সেইজন প্রার্থীক আৰু অধিক সময় হাৰাশাস্তি কৰিব নালাগে আৰু তেওঁক অতি সোনকলে ন্যায় প্রদান কৰিব লাগে বুলি নির্দেশ দিয়ে। এই পত্ৰৰ পিছতহে ব’ৰ্ডৰ অধ্যক্ষ নেকিবুৰ জামানৰ গা লৰিল। অৱশেষত ব’ৰ্ডৰ এখন সভা নিজৰ কাৰ্যালয়ত পতাৰ পৰিৱৰ্তে হাজী মুছাফিৰ খানাত অনুষ্ঠিত কৰে জামানে। আন সদস্যসকলে ব’ৰ্ডৰ কাৰ্যালয়ৰ পৰিৱৰ্তে আন স্থানত সভা অনুষ্ঠিত কৰাৰ ক্ষেত্রত আপত্তি দর্শাইছিল যদিও নেকিবুৰ জামানে কাৰো কথা ভ্রূক্ষেপ নকৰি একনায়কত্ববাদেৰে যোৱা ২০-১২-২০১৫ তাৰিখে হাজী মুচাফিৰখানাত সভাখন অনুষ্ঠিত কৰে। হাজী মুছাফিৰখানাত নেকিবুৰ জামানৰ অধ্যক্ষতাত সভাখন আৰম্ভ হয়। সভাত কেইটামান এজেণ্ডা গৃহীত হোৱাৰ পিছত নেকিবুৰ জামানে বিশেষ কাম থকাৰ অজুহাত দেখুৱাই চৈয়দ নাছিৰ উদ্দিন উল্লাহক সভাপতিৰ আসনত বহুৱায় আৰু সভাৰ পৰৱৰ্তী কাম-কাজ চলাই নিবলৈ দায়িত্ব অর্পণ কৰি সভা ত্যাগ কৰে। উক্ত সভাতেই
সর্বসম্মতিক্রমে কেইবাটাও সিদ্ধান্ত গ্রহণ কৰে। অসম চৰকাৰে এছিছটেন্ট ইন্সপেক্টৰ নিযুক্তি সম্পর্কে ১৮-১২-২০১৫ তাৰিখে পঠিওৱা চিঠি নং No. WMD.33/2015/40 মর্মে আৰু মহাধিবক্তাগৰাকীৰ মতামতৰ ভিত্তিত সভাই সর্বসম্মতিক্রমে মুখ্য কার্যবাহী বিষয়াক কাৰ্যালয়ত দুবছৰতকৈ অধিক কাল খালী হৈ থকা এছিছটেন্ট ইন্সপেক্টৰ আৰু এল ডি এছিছটেণ্টৰ পদৰ প্ৰাৰ্থীক পেনেল কমিটী আৰু বাছনি কমিটীৰ মেৰিট লিষ্টৰ ওপৰত ভিত্তি কৰি ফলাফল ঘোষণা কৰি অতি শীঘ্ৰে ব’ৰ্ডৰ কাম-কাজ চলাই নিয়াৰ বাবে নিযুক্তি প্রদান কৰিবলৈ প্ৰস্তাৱ লোৱা হয়। সেই মর্মে মুখ্য কার্যবাহী বিষয়াই ২২-১২-১৫ ইং তাৰিখে মেধাৰ ওপৰত ভিত্তি কৰি জান্নাতুন নাইয়ুমক এছিছটেন্ট ইন্সপেক্টৰ আৰু ৰেজাউল ইছলাম ৰাহুলক এল ডি এছিছটেন্ট পদত নিযুক্তিৰ বাবে বাছনিৰ তালিকা ‘দ্য আছাম ট্রিবিউন’ কাকতত প্রকাশ কৰে। সেই মর্মে জান্নাতুন নাইয়ুমে ২১-১২-২০১৫ তাৰিখে পোৱা Order No.ABW.II-17/86/358 নম্বৰৰ আদেশ মর্মে অসম ৱাক্ফ ব’ৰ্ডত এছিছটেণ্ট ইন্সপেক্টৰ হিচাপে কর্মত যোগদান কৰে। এতিয়া আহোঁ আচল কথালৈ। জান্নাতুন নাইয়ুমৰ ইমান
দীঘলীয়া এটা সঠিক পদ্ধতিৰ মাজেৰে দুবছৰীয়া প্ৰক্ৰিয়াৰ অন্তত
মেধাৰ ভিত্তিত নিযুক্তি দিয়া হ’ল। ঠিক একেদৰে একে
কাৰ্যালয়তে নেকিবুৰ জামানৰ অধ্যক্ষতাৰ কালতেই ৰেজাউল
ইছলাম ৰাহুলৰো এল ডি এছিছটেণ্টৰ পদত নিযুক্তি হ’ল। দুয়োটা
পদত নেকিবুৰ জামানৰ অনুমোদনৰ পিছত মুখ্য কার্যবাহী বিষয়া
আগা আহমেদে স্বাক্ষৰ কৰি একেদিনাই নিযুক্তি প্রদান কৰে।
অথচ কেৱল জান্নাতুন নাইয়ুমৰ নিযুক্তিৰ ক্ষেত্ৰত নিযুক্তি দিয়া
প্ৰসংগটো ৰাইজৰ মাজত এইজন অধ্যক্ষৰ নেতৃত্বতেই অপপ্ৰচাৰ
কৰি এক বিভ্রান্তিৰ সৃষ্টি কৰা হয়। এগৰাকী মহিলা কৰ্মচাৰী
বুলিয়েই অপপ্ৰচাৰ কৰা হয় নেকি। ইয়াৰ অন্তৰালত এক ডাঙৰ
ৰহস্য আছে নেকি? নে কাৰোবাৰ বক্ৰ পথেৰে ধন সংগ্ৰহ কৰাত
হেঙাৰ হৈ উঠিছে নেকি এইগৰাকী মহিলা। একমাত্র
মহিলাগৰাকীৰ ওপৰত একাংশ সংবাদ মাধ্যমৰ জৰিয়তে ন্যস্ত
স্বার্থ লগত জড়িত থকা ব্যক্তিসকলৰ এয়া এক অপকর্ম বুলি
ইতিমধ্যে ৰাইজে গম পাব ধৰিছে। কিয়নো একেজন মুখ্য
কাৰ্যবাহী বিষয়াই ৰেজাউল ইছলাম ৰাহুলৰ নিযুক্তি পত্ৰত স্বাক্ষৰ
কৰিছিল অথচ এই ব্যক্তিজনৰ নিযুক্তিৰ সম্পৰ্কে কোনেও প্রশ্ন
নোতোলে কিয়। উল্লেখ্য যে নেকিবুৰ জামানৰ অধ্যক্ষতাৰ কাল শেষ হোৱাৰ পাছত এগৰাকী মহিলা মুখ্য কাৰ্যবাহী বিষয়াৰ নেতৃত্বত অহিদুৰ ৰহমান ৱাক্ফ ইষ্টেটৰ দায়িত্বত থকা জান্নাতুন নাইয়ুনে বিগত ছটা বিত্তীয় বছৰত আঢ়ৈ কোটি টকা ৰাজহ ৱাক্ফ ব’ৰ্ডত জমা দিয়াৰ বাবেই তেওঁৰ বিৰোধিতা কৰা হৈছে নেকি? নে আন কাৰোবাৰ সান্দহ খোৱা বালি তল পৰিব বুলি ভয় খাইছে। আনহাতে, নেকিবুৰ জামানৰ চাৰিবছৰীয়া কার্যকালত মাত্র দুই লাখ পঁয়সত্তৰ হাজাৰ টকাহে ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। সঘনে আৰু এটা প্রশ্ন উত্থাপন হয় যে প্রাক্তন মুখ্য কার্যবাহী বিষয়া আগা আহমেদে অৱসৰ লোৱাৰ পাছত হেনো জান্নাতুন নাইয়ুমৰ নিযুক্তি পত্ৰত স্বাক্ষৰ কৰিছিল। উল্লেখ্য যে ১৩-০৯-২০১৪ তাৰিখে অসম ৱাক্ফ ব’ৰ্ডত নেকিবুৰ জামানৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত ৱাক্ফ্ফৰ আইনৰ ২০১৪ৰ প্রভিজন মতে ৰোল ৩৯-৪১মতে ২৩ ধাৰা মতে অসম ৱাক্ফ ব’ৰ্ডৰ এজন স্থায়ী মুখ্য কাৰ্যবাহী বিষয়াৰ নিযুক্তি যেতিয়ালৈকে নহ’ব, তেতিয়ালৈকে আগা আহমেদক ব’ৰ্ডৰ যাৱতীয় কাম চলাই নিয়াৰ বাবে এক নির্দেশনা জাৰি কৰি ৱাক্ফ ব’ৰ্ডৰ অধ্যক্ষ হিচাপে নেকিবুৰ জামানে প্ৰস্তাৱ গ্ৰহণ কৰি স্বাক্ষৰ কৰে। আগা আহমেদে নেকিবুৰ জামানলৈ লিখা এখন চিঠিৰ উত্তৰত ১৯-১০-২০১৫ ইং তাৰিখে নেকিবুৰ জামানে নিজ হাতেৰে আগা আহমেদলৈ এখন চিঠি লিখি কয় যে তেওঁলৈ আগা আহমেদে লিখা চিঠিখন সম্পর্কে পৰৱৰ্তী সভাত আলোচনা কৰা হ’ব। ইয়াৰ উপৰি তেওঁ চিঠিত উল্লেখ কৰে যে যেতিয়ালৈকে আন কোনো কার্যবাহী বিষয়া ব’ৰ্ডত যোগদান নকৰে, তেতিয়ালৈকে অসম ৱাক্ফ ব’ৰ্ডৰ কাম-কাজ মুখ্য কার্যবাহী হিচাপে আগা আহমেদক চলাই নিবৰ বাবে অনুমতি প্রদান কৰে। ইয়াৰ পিছত ০১-০১-২০১৬ তাৰিখে No. ABW.II-71-2015-138 চিঠি মর্মে চৈয়দা হাছিনা মুৰ্ছিদ ৰহমানে অসম ৱাক্ফ ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী হিচাপে দায়িত্ব গ্রহণ কৰে আৰু সেইমৰ্মে আগা আহমেদে অসম ৱাক্ফ ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী হিচাপে পালন কৰা দায়িত্ব ০১-০১-২০১৬ তাৰিখে চৈয়দা হাছিনা মুৰ্ছিদক অর্পণ কৰে।
এয়া মেহদুল হক নামৰ আৰ টি আই কর্মী এজনে অসম ৱাক্ত ব’ৰ্ডৰ পৰা সংগ্ৰহ কৰা প্ৰামাণিক তথ্য।
