
শিৱসাগৰৰ পৰা মিনহাজ:
নিশা যোৰহাট পুলিবৰত ভয়ংকৰ ঘটনা। শিৱসাগৰৰ পৰা যোৱা দিখৌপৰীয়া হুঁচৰি দলক আক্ৰমণ । শিৱসাগৰৰ দিখৌপৰীয়া হুঁচৰি দলক ভয়ংকৰ আক্ৰমণ। গৃহস্থৰ ঘৰত হুঁচৰি পৰিৱেশন কৰাৰ পিছতে আক্ৰমণ হুঁচৰি দলটোক।হুঁচৰি গাবলৈ নিমন্ত্ৰণ জনোৱা ঋতু শইকীয়াসহ কেইবাগৰাকীয়ে আক্ৰমণ কৰাৰ অভিযোগ।ফোন যোগে যোগাযোগ কৰি হুঁচৰি গাবলৈ গৈছিল দলটো। ঢোলীয়া , নাচনীসহ কেইবাগৰাকীক প্ৰহাৰ। হুঁচৰি দলটো গৃহস্থৰ ঘৰত গৈ পোৱাত দেৰি হোৱা বাবেই আক্ৰমণৰ অভিযোগ। প্ৰথমে তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ। হুঁচৰি গাই শেষ কৰাৰ পিছত দলটোৰ ঢোলীয়া নাচনী সহ বহুকেইগৰাকীক প্ৰহাৰ। ঘটনা সন্দৰ্ভত পুলিবৰ থানাত এজাহাৰ দাখিল ।