
দক্ষিণ কামৰূপৰ ২৭ নং ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ বৰ্তমানলৈ চাৰিখন আঞ্চলিক সদস্য পদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ বৃহৎ জয়লাভ।ভোট গণণা লৈ আৰু বাকী।
সমগ্ৰ অসমতে পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ ওচৰত ধৰাশয়ী হল কংগ্ৰেছ। কোনোমতে কংগ্ৰেছৰ সন্মান ৰাখিলে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ছয়গাঁও তথা নৱগঠিত ছমৰীয়া সমষ্টিত ।
ছমৰীয়া সমষ্টিত কংগ্ৰেছ দলৰ বাবে ভাল খবৰ।
জোৰশিমুলী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী – আমিনুল ইছলামৰ জয়লাভ।
আনহাতে জোৰশিমুলী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী – হাছিনা ভূঞাই বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ।
ইফালে ভাউৰীয়াভিটা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা পদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী চন্দ্ৰ ভানুই জয়লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে আচলপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী – ছফিকুল ইছলামৰ বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ।
বনগাঁও গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা পদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী – কৃষ্ণমনি ডেকাৰ বৃহৎ জয়।
আনহাতে গৰৈমাৰী আৰু পূৱছমৰীয়া জিলা পৰিষদৰ আসন দুখনত কংগ্ৰেছ প্ৰাৰ্থীৰ অগ্ৰগতি হোৱা বুলি জানিব পৰা গৈছে।
গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ প্ৰায়বোৰ পঞ্চায়তত কংগ্ৰেছ সমৰ্থিত ৱাৰ্ড সদস্যই জয়লাভ কৰিবলৈ সক্ষম হৈছে।