
দক্ষিণ কামৰূপৰ নৱ গঠিত ছমৰীয়া সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত সমূহত আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ তেনে সময়তে আজি পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড সদস্য প্ৰাৰ্থী এগৰাকীয়ে সমদল উলিয়াই ৷ সমদলত পুৰুষ -মহিলা সকলে ৬ নং কিচমত কাঠমী গাওঁ পঞ্চায়তৰ ১০ নং নতুন কাঠমী ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী হবিবৰ ৰহমানক বিজয়ী কৰিবলৈ আপ্ৰান চেষ্টা অব্যাহত ৰাখিছে ৷ সমদলৰ শেষত নতুন কাঠমী ৱাৰ্ডৰ ভোটাৰ ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা বুলি দাবী নিৰ্দলীয় প্ৰাৰ্থী হবিবৰ ৰহমানে ৷ নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰা প্ৰাৰ্থী হবিবৰ ৰহমানে নতুন কাঠমী ৱাৰ্ডক স্বচ্ছ- নিকা আৰু দুৰ্নীতিমুক্ত ৱাৰ্ড গঢ়াৰ সংকল্প লোৱাৰ কথাও উল্লেখ কৰে ৷