
কুঁৱৰীটোল তৰুণ সংঘৰ সোণালী জয়ন্তী উৎসৱ
ৱেবডেস্ক: ১৯৭২ বৰ্ষত স্থাপিত কুঁৱৰীটোল তৰুণ সংঘই পঞ্চাশটি বছৰ অতিক্ৰম কৰাৰ উপলক্ষ্যক লৈ আয়োজন কৰা হৈছে সোণালী জয়ন্তী উৎসৱৰ । ১৯ , ২০ আৰু ২১ জুলাইত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই উৎসৱৰ । শনিবাৰে সংঘৰ ৫০ খনি পতাকাৰে উৎসৱৰ শুভাৰম্ভ কৰা হয় । মুখ্য উত্তোলক হিচাবে উদযাপন সমিতিৰ সভাপতি স্থানীয় বিধায়ক, মন্ত্ৰী কেশৱ মহন্ত ই মূল পতাকাখনি উত্তোলন কৰে । স্মৃতি তৰ্পণ কাৰ্য্যসূচী শুভাৰম্ভ কৰে কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ধীৰেন্দ্ৰ কুমাৰ হাজৰিকাই । ইয়াৰ পাছতে অনুষ্ঠিত হয় ছাত্র ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা । নিশা ‘পিয়লি ফুকন ‘ নাট প্ৰদৰ্শনৰে অন্ত পৰিব উৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচী ।