আজি বিশ্ব ৰেডক্ৰছ দিৱস ।

304

বিশ্বৰ বিভিন্ন দেশৰ লগতে ৰঙিয়াতো বিশ্ব ৰেডক্ৰছ দিৱস উদযাপন কৰা হয় । ভাৰতীয় ৰেডক্ৰছ চোছাইটিৰ ৰঙিয়া জিলাই দিৱস উপলক্ষে চিৰাখুন্দি প্ৰাথমিক বিদ্যালয়ত এটি দন্ত পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে । বিদ্যালয় খনৰ শতাধিক ছাত্র-ছাত্ৰীক দাত পৰীক্ষা কৰাৰ লগতে টুথপেস্ট ,ব্ৰাছ আদি বিতৰণ কৰে । ৰেডক্ৰছ চোছাইটিৰ ৰঙিয়া জিলাৰ যুটীয়া সম্পাদক প্ৰকাশ ডেকাই আত ধৰা অনুষ্ঠানটোত সভাপতি ডা: চফিকুল হক আৰু সম্পাদক ডা: খবিৰুদ্দিন আহমেদে ৰেডক্ৰছ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে ।

বিশ্বৰ ১৯২ খন দেশত এই মহান অনুষ্ঠানটোৱে বিশ্বৰ দুৰ্গত লোকসকলক সহায়ৰ হাত আগবঢ়াই আহিছে । নিজৰ জীৱনক তুচ্ছ কৰি বিভিন্ন সময়ত প্ৰাকৃতিক দুৰ্যোগ , দুৰ্ভিক্ষ , যুদ্ধ বিধস্ত অঞ্চলত মানৱ সেৱা কৰি আহিছে স্বেচ্ছাসেৱক সকলে। আজিৰ দন্ত পৰীক্ষা শিবিৰত ডা: চফিকুল হক , ডা: খবিৰুদ্দিন আহমেদ, ডা: নিলোৎপল পাল , ডা: এহচান ৰেজাকে অংশগ্ৰহণ কৰে। শিবিৰটো পৰিচালনা কৰাত সহযোগ কৰে ৰেডক্ৰছৰ নজৰুল ইছলাম ,চামচুল হক , ৰাহুল নাথ , শ্বামিম ইৰফান আৰু বিদ্যালয় খনৰ প্ৰধান শিক্ষক আফজাল হুছেইনৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলে ।

Leave A Reply

Your email address will not be published.