“এয়া আকাশবাণী, বাতৰি পঢ়িছোঁ হিৰণ দত্তই……” আৰু নাই হিৰণ দত্ত ।

468

অৱসৰপ্ৰাপ্ত বাতৰি পৰিৱেশক হিৰণ দত্তৰ দেহাৱসান৷ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হিৰণ দত্তৰ ৷

“এয়া আকাশবাণী, বাতৰি পঢ়িছোঁ হিৰণ দত্তই……”

এসময়ত সুদূৰ দিল্লী আকাশবাণী কেন্দ্ৰৰ পৰা অসমীয়া বাতৰি পৰিৱেশন কৰা হিৰণ দত্ত আৰু আমাৰ মাজত নাই । এসময়ত সুমধুৰ কণ্ঠত বাতৰি পৰিৱেশন কৰি অসমবাসীৰ হৃদয় চুই গৈছিল হিৰণ দত্তই। তেওঁৰ মৃত্যুত অসমৰ লগতে সমগ্ৰ ভাৰতৰ বহুত মানুহে গভীৰ শোক প্ৰকাশ কৰিছে।

আমি ”গণ অধিকাৰৰ” পৰিয়ালৰ পৰা হিৰণ দত্তৰ বিদেহী আত্মাৰ শান্তি কামনা কৰাৰ লগতে শোকাকুল পৰিয়াল আৰু গুণমুগ্ধ সকললৈ গভীৰ সমবেদনা জনালোঁ।

১৯৭৫ চনত তেখেতে আকাশবাণী দিল্লী অনাতাঁৰ কেন্দ্ৰত যোগদান কৰি তেতিয়াৰ পৰাই আকাশবাণী দিল্লী কেন্দ্ৰৰ অসমীয়া বাতৰি পৰিৱেশন কৰিছিল। ২৮ এপ্ৰিল ,২০২৩ তাৰিখে বিয়লি দিল্লীৰ দাৰকাস্থিত প্ৰাগজ্যোতিষপুৰ এপাৰ্টমেন্টৰ নিবাসী দত্তই দিল্লীৰ আয়ুস্মান হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে ।

আকাশবাণী দিল্লীৰ অসমীয়া বাতৰি পৰিৱেশক আছিল দত্ত৷ দিল্লীত ৭৬ বছৰ বয়সত শেষনিশ্বাস ত্যাগ হিৰণ দত্তৰ৷ হিৰণ দত্তৰ ৰচিত শেহতীয়া দুখন গ্ৰন্থ সন্ধ্যাৰাগ, বুঢ়া শালিকাৰ মাত৷

Leave A Reply

Your email address will not be published.