গোৱালপাৰাত আম আদমী পাৰ্টীৰ কৰ্মী সভা

379

গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তগৰ্ত ধুমেৰঘাট আৰ্দশ জাতীয় বিদ্যালয়ত আজি আম আদমী পাৰ্টীৰ সমষ্টি কমিটী গঠন সম্পৰ্কে এখন কৰ্মী সভা অনুষ্ঠিত হয়।

উক্ত সভা খনত উপস্থিত থাকে মুখ্য অতিথি হিচাপে ৰাজ্যিক মহিলা শক্তিৰ সভাপতি মিতালি ডেকা লগতে জিলা সভাপতি জিন্না আমিনৰ লগতে বিভিন্ন পদবীত থকা নেতা আৰু গন্য মান্য ব্যক্তি সকল উপস্থিত থাকে ।

সভাখনত আগন্তুক নিৰ্বাচন সম্পৰ্কে আৰু ভেটী শক্তিশালীৰ উদ্দেশ্যে ভাষন আগবঢ়োৱা দেখা যায় , লগতে সমগ্ৰ অসমতে আম আদমি পাৰ্টীৰ প্ৰতিটো পঞ্চায়তে পঞ্চায়তে প্ৰাৰ্থী দিব আৰু ভাল ফলাফল পাব বুলি মন্তব্য কৰে, আনফালে আজিৰ এই সভাখনত প্ৰায় অৰ্ধ শতাধিকে আম আদমী পাৰ্টীত যোগদান কৰে ।

Leave A Reply

Your email address will not be published.