চেলফি তুলি নিদিলে তাৰ পৰা মুক্তি নাপাব ! শ্বাহৰুখক খানৰ সৈতে ফটো তুলিবলৈ হেতা- ওপৰা অনুৰাগীৰ ।

873

শুকুৰবাৰে শ্বাহৰুখ খানক শ্ৰীনগৰৰ বিমানবন্দৰত দেখা গৈছিল। সেই সময়ত সহযাত্ৰীসকলে শ্বাহৰুখ খানক ঘেৰি ধৰিছিল। ইণ্টাৰনেটত ভাইৰেল হৈছে এটা ভিডিঅ’, য’ত দেখা গৈছে যে এছ আৰ কেক চেলফি লোৱাৰ বাবে সকলোৱে গোট খুৱাইছে। যেন অভিনেতাজন ৰাজহুৱা অৰণ্যত হেৰাই গৈছে। শ্বাহৰুখে ভিৰ কাটি ওলাই আহিবলৈ চেষ্টা কৰিছিল যদিও অনুৰাগীয়ে চেলফি নোলোৱাকৈ ওলাই আহিবলৈ দিয়া নাছিল।সেইদিনা বিমানবন্দৰত ক’লা পোছাক পিন্ধি থকা দেখা দেখা গৈছিল শ্বাহৰুখ খানক। অনলাইনত প্ৰকাশিত কেইখনমান ছবিত শ্বাহৰুখক বোমাৰু জেকেট পিন্ধি দেখা গৈছিল।

কাশ্মীৰৰ এক বাতৰি অনুসৰি ৰাজকুমাৰ হিৰাণীয়ে মধ্য কাশ্মীৰৰ গণ্ডাৰবল জিলাৰ বিখ্যাত ৰিজ’ৰ্ট সোণমাৰ্গত ছবিৰ কিছু দৃশ্য শ্বুটিং কৰিছে। “সোনমাৰ্গত নিৰ্ধাৰিত চিনেমাখনৰ এটা অংশৰ শ্বুটিং সম্পূৰ্ণ হৈছে আৰু ক্ৰু শ্ৰীনগৰলৈ উভতি আহিছে। শুনা যায় যে এই চিনেমাখনৰ বিষয়বস্তু সীমান্ত কাহিনীৰ ওপৰত। বৰ্তমান ছবিখন ২০২৩ চনৰ ২২ ডিচেম্বৰত মুক্তি পাব। চিনেমাখনত বিকি কৌশলেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰাৰ কথা। অৱশ্যে ছবিখনৰ মুক্তি ২০২৪ চনলৈ পিছুৱাই নিব পাৰে।

চলিত বৰ্ষৰ আৰম্ভণিতে মুক্তি লাভ কৰিছিল শ্বাহৰুখ খানৰ পাঠান। চাৰি বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত পুনৰ পৰ্দালৈ ঘূৰি আহিল শ্বাহৰুখ খান। তেওঁক শেষবাৰৰ বাবে জিৰ’ ছবিত দেখা গৈছিল কেটৰিনা কাইফ আৰু অনুষ্কা শৰ্মাৰ সৈতে। সেই সময়ত শ্বাহৰুখে একেৰাহে ফ্লপৰ বাবে অলপ বিৰতি লোৱাৰ সিদ্ধান্ত লয়। কিন্তু Corona, Lockdown, Aryan Khan ৰ ড্ৰাগছৰ গোচৰৰ বাবে সেই বিৰতি চাৰি বছৰ হ’ল। পাথানে বিশ্বজুৰি বক্স অফিচত ১০০০ কোটি টকা উপাৰ্জন কৰে। যিয়ে হিন্দী চিনেমাৰ কেইবাটাও অভিলেখ ভংগ কৰিছিল।

Leave A Reply

Your email address will not be published.