“ভৌগলিক সূচাংক সজাগতা” শীৰ্ষক কৰ্মশালা আৰু প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অতুল বৰা ।

886

ভৌগোলিক সূচাংক লাভ কৰা সামগ্ৰী এবিধে উৎপাদন হোৱা অঞ্চলটোক বিশ্বৰ বজাৰত সুকীয়া পৰিচয় দি আহিছে আৰু ইয়াৰ সৈতে জড়িত কৃষক, উদ্যোগী তথা সংশ্লিষ্ট সকলোকে সামগ্ৰীবিধৰ ওপৰত আইনগত অধিকাৰ তথা সুৰক্ষা প্ৰদানেৰে যথেষ্ট উপকৃত কৰে। অঞ্চলটোৰ কৃষক ৰাইজৰ বাবে জিআই টেগযুক্ত সামগ্ৰীবিধ এক বিশেষ সম্পদ হৈ পৰে।

কৃষক, উদ্যোগীসকলৰ মাজত ভৌগোলিক সূচাংক (জিআই টেগ) সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে উত্তৰ-পূব আঞ্চলিক কৃষি বিপণন নিগম (NERAMAC)-এ আজি গুৱাহাটীস্থিত নেডফি হাউছত আয়োজন কৰা “ভৌগলিক সূচাংক সজাগতা” শীৰ্ষক এখন কৰ্মশালা আৰু প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৮০০ গৰাকী কৃষকক নেৰামেকৰ দ্বাৰা জি আই টেগযুক্ত পঞ্জীকৃত প্ৰমাণ পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ ২৩ বিধ জি আই টেগযুক্ত সামগ্ৰীৰ ভিতৰত অসমৰ ৮ বিধ শস্য আৰু সামগ্ৰীয়ে জি আই টেগ লাভ কৰিছে। এই সামগ্ৰীসমূহৰ উপযুক্ত বিপণন ব্যৱস্থাৰে উত্তৰ-পূব আঞ্চলিক কৃষি বিপণন নিগম (NERAMAC)-এ বিশ্ববাসীৰ ওচৰলৈ লৈ যোৱাৰ লগতে অৰ্থনৈতিক স্বাৱলম্বিতাৰো পথ মুকলি কৰে।

অসম চৰকাৰৰ কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশিস কুমাৰ ভূটানী,জি আই বিশেষজ্ঞ পদ্মশ্ৰী ড° ৰজনীকান্ত দ্বিবেদী, নেডফিৰ মুখ্য পৰিচালন সঞ্চালক পিভিএছএলএন মূৰ্তি, নাবাৰ্ডৰ মুখ্য মহাপ্ৰবন্ধক নবীন ধিংৰা, নেৰামেকৰ পৰিচালন সঞ্চালক কমোডৰ ৰাজীৱ অশোক, নাবাৰ্ডৰ প্ৰাক্তন পৰিচালন সঞ্চালক মনোজ কুমাৰ দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল, তেজপুৰ আৰু নলবাৰী জিলাৰপৰা অহা কৃষক আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.