‘মন‌ কি বাত’ ১০০ সংখ্যক অনুষ্ঠান উপলক্ষে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কালিয়া গাঁৱত বিতৰণ কৰে ১০০ কিলোগ্ৰাম ওজনৰ লাড়ু ।

408

আজি মৰিয়নী বিধানসভা সমষ্টিৰ অন্তৰ্গত ভেলেউগুৰি কালিয়া গাওঁ প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত, বুথ নং ৭৬ আৰু ৭৭ৰ কাৰ্যকৰ্তাসকলৰ সৈতে দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কী বাত” অনুষ্ঠানৰ ১০০ সংখ্যক খণ্ডটি একেলগে শ্রবণ কৰাত উপস্থিত থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মী ।

উল্লেখ্য যে, এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোদী ৰ প্ৰতি সন্মান জনাই এটা ১০০ কেজি ওজনৰ বুন্দিয়া লাডু কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ মাজত বিতৰণ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

Leave A Reply

Your email address will not be published.