মুকালমুৱাৰ বৰতলাত ব্যৱসায়ীক আক্ৰমণ।

491

মুকালমুৱাৰ বৰতলাত দোকানৰ বাকী সাধিবলৈ যোৱাৰ বাবে এজন ব্যৱসায়ীক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। আক্ৰমণৰ ফলত ব্যৱসায়ীজন গুৰুতৰভাৱে আহত হৈছে। আহত ব্যৱসায়ী জনৰ নাম চিন্তু বৰ্মন। বৰতলাৰ হাইস্কুল চ’কত থকা কৃষ্ণা নাৰায়ণী ষ্টোৰ নামৰ দোকানখনৰ পৰা নিতুল বৰ্মন নামৰ এজন লোকে প্ৰায় ৭ মাহ পূৰ্বে বাকীত সামগ্ৰী ক্ৰয় কৰিছিল। দোকানখনৰ স্বতাধিকাৰী চিন্তু বৰ্মনে যোৱকালি নিতুল বৰ্মনৰ পৰা পাবলৈ থকা দোকানৰ বাকীৰ ধন(৫০০০ টকা) উভতাই খুজিছিল।

সেইখিনি কথাতে চিন্তু বৰ্মন আৰু নিতুল বৰ্মনৰ মাজত বাক-বিতণ্ডা হয়। তেনেতে নিতুল বৰ্মনৰ লগত থকা জয়ন্ত ডেকা আৰু হিমাংশু ডেকা নামৰ যুৱক দুজনে চিন্তু বৰ্মনক শাৰীৰিকভাৱে আক্ৰমণ কৰে। ফলত ব্যৱসায়ী চিন্তু বৰ্মন গুৰুতৰভাৱে আহত হয়। আহত ব্যৱসায়ী চিন্তু বৰ্মনে মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰে যদিও চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ যাবলৈ পৰামৰ্শ দিয়ে। ঘটনা সংক্ৰান্তত ভূক্তভোগী ব্যৱসায়ীজনে মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ব্যৱসায়ীজনৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে জয়ন্ত ডেকা নামৰ যুৱকজনক আটক কৰে।

Leave A Reply

Your email address will not be published.