মৈৰাবাৰী মহাবিদ্যালয়ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

351

মৈৰাবাৰী মহাবিদ্যালয়ত বুধবাৰে মহাবিদ্যালয় খনৰ Research, Innovation & Extension cell ৰ উদ্যোগত মৰিগাওঁ জিলা স্বাস্থ্য বিভাগ আৰু মৈৰাবাৰী মহাবিদ্যালয়ৰ IQAC আৰু NSS গোটৰ সহযোগত ছাত্ৰ – ছাত্ৰীৰ এখনি স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ ৰিয়াজুল হকে উদ্ধোধন কৰা স্বাস্থ্য শিবিৰখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সমন্বয়ক প্ৰফেছাৰ ড’ আব্দুল লতিফ আনছাৰীয়ে। স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰাৰ পূৰ্বে ছাত্ৰ- ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে চিকিৎসক ডা:তুলন চন্দ্ৰ বৰা আৰু ডা:শ্বামিমা আলম আৰু জিলা সমন্বয়ক বাহাৰুল উলুম চৌধুৰীয়ে। স্বাস্থ্য শিবিৰত মৰিগাওঁ জিলাৰ ভ্ৰাম্যমান চিকিৎসা গোট আৰু ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম আৰু মৈৰাবাৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলে অংশগ্ৰহণ কৰি শতাধিক ছাত্ৰ- ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰে। উল্লেখ্য যে শিবিৰখনত মহাবিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰীসকলৰ লগতে পৰিচালনা সমিতিৰ সভাপতি জামাল উদ্দিন আহমেদ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.