সদৌ গুৱাহাটী গৰিয়া -মৰিয়া ,দেশী জাতীয় পৰিষদৰ উদ্যোগত মুকলি বিহু

385

সদৌ গুৱাহাটী গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত,গুৱাহাটীৰ মেট্ৰ’পলিটান ছোৱালী হাইস্কুল প্ৰাংগণত মুকলি বিহু অনুষ্ঠিত হয়,১০০% ছোৱালী বিহু শিল্পীৰ দ্বাৰা গঠিত সম্প্ৰীতি বিহু হুঁচৰি দলৰ সুন্দৰ হুঁচৰি প্ৰদৰ্শনৰ জৰিয়তে অনুষ্ঠানৰ শুভাৰম্ভণি হয়,সুদূৰ শিৱসাগৰৰ পৰা আমন্ত্ৰিত জিকিৰ-জাৰীৰ সুখ্যাত শিল্পী আজিমুদ্দিন আহমেদ আৰু তেওঁৰ সংগীবৃন্দৰ দ্বাৰা বিহুতলীত প্ৰদৰ্শিত জাৰী নৃত্য,বিহুগীতৰ জনপ্ৰিয় গায়ক কুশল কাশ্যপৰ বিহুগীত পৰিবেশন,বিহুগীতৰ উদীয়মান কিশোৰ শিল্পী ছৈফ চেলিমৰ গীত পৰিবেশন,ব্যতিক্ৰমী তথা কিশোৰ শিল্পী বাদ্যযন্ত্ৰীৰ দ্বাৰা গঠিত জনপ্ৰিয় মিউজিকেল বেণ্ড নাদ ব্ৰহ্মৰ দ্বাৰা অনুষ্ঠান প্ৰদৰ্শন,য’ত মূল গায়িকা সুখ্যাত প্ৰতিষ্ঠা চিত্ৰপলৰ শ্ৰুতিমধুৰ গীত পৰিবেশন,জনপ্ৰিয় বিহু শিল্পীৰ দ্বাৰা গঠিত “ৰূপহী অসম বিহু হুঁচৰি দল”ৰ সুন্দৰ হুঁচৰি প্ৰদৰ্শনৰ জৰিয়তে অনুষ্ঠানৰ সামৰণি৷


এই মুকলি বিহুত উত্তৰ-পূৰ্বাঞ্চল খিলঞ্জীয়া মঞ্চৰ মুখ্য আহ্বায়ক তথা আলফা নেতা অনুপ চেতিয়া,খিলঞ্জীয়া মঞ্চ অসমৰ সভাপতি তথা আলফা নেতা মৃণাল হাজৰিকা,অপৰূপা মহিলা গোটৰ প্ৰতিস্থাপক ৰুণা লাইলা,ৰেইণদ্ৰপচ ইনিচিয়েটিভ আছামৰ প্ৰতিস্থাপক আবিদ আজাদ,নৰ্থ‌ইস্ত দিজেবুল দেভোলোপমেন্ট ছছাইটিৰ প্ৰচিদেন্ট নিৰঞ্জণ কলিতা,কাৰ্যকৰী সভাপতি নুৰুল হক, যুটীয়া সাধাৰণ সম্পাদক চহিদ আলী আহমেদ,কেন্দ্ৰীয় উপদেষ্টা ফাইজুৰ ৰহমান, গৰিয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদ, সদৌ ডিমাছা ছাত্ৰ সন্থাৰ সভাপতি নবীন জহৰিছা আদি উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.