হাউলীত বৰপেটা জিলা আমছুৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্নঃ জিলা সমিতিৰ দুই উপ-সভাপতিক বিদায় সম্ভাষন

635

সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বৰপেটা জিলা সমিতিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা দেওবাৰে দিনৰ ১১ বজাত হাউলীস্থ জিলা সমিতিৰ মূখ্য কাৰ্যালয় প্ৰাংগনত জিলা সমিতিৰ সভাপতি আব্দুল জুব্বাৰ আলীৰ পৌৰোহিত্যত অনুষ্ঠিত হয় । সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে সাধাৰণ সম্পাদক ছাইদুৰ ৰহমানে । উক্ত সভাত আমছুৰ সাংগাঠনিক ভেটি মজবুত কৰণ, আগন্তুক ২৬ মে’ৰ দাবী দিৱস অনুষ্ঠিত কৰা, জিলা আমছুৰ মূখ্য কাৰ্যালয়ৰ বিল্ডিং নিৰ্মাণৰ কাম আৰম্ভ কৰা, আঞ্চলিক সমিতি সমূহক শক্তিশালী কৰা আদি কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। সভাত আমছুৰ প্ৰাক্তন সভাপতিদ্বয় আব্দুছ ছামাদ আহমেদ,ছবিবৰ ৰহমান, প্ৰাক্তন উপ-সভাপতিদ্বয় আবু তাহেৰ, আবুল হুছেইন আদিয়ে উপস্থিত অতীত ৰূমন্থন কৰি বক্তব্য দিয়াৰ লগতে বৰ্তমান আমছুৰ সাংগাঠনিক ভাবে কেনেকৈ শক্তিশালী কৰিব পৰা যায় তাৰ ওপৰত আলোকপাত কৰি কিছু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।


উক্ত সভাত জিলা সমিতিৰ উপ সভাপতিদ্বয় মোতালেব আলী আৰু ছাদ্দাম হুছেইনক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়।
আমছুৰ প্ৰাক্তন কাৰ্য নিৰ্বাহক সদস্য ৰিয়াজ উদ্দিন আহমেদ প্ৰাক্তন আমছুৰ কৰ্মী আব্দুছ ছাত্তাৰ, ওৱাহিদুৰ ৰহমান, হাউলী পৌৰ সভাৰ ৱাৰ্ড আয়ুক্ত খাইৰুল আলম শিকদাৰ সহ ভালে সংখ্যক বিশিষ্ট ব্যক্তি সভা খনত উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.