২৫ জুনত অনুষ্ঠিত হ’ব কামৰূপ জিলা সাহিত্য সভাৰ অধিৱেশন

277

ছয়গাঁও সাহিত্য সভাৰ সহযোগত আজি ছয়গাঁৱত অনুষ্ঠিত কামৰূপ জিলা সাহিত্য সভাৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহক সমিতিৰ অন্তিমখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে।

ছয়গাঁও সাহিত্য সভা ভৱনত শণিবাৰে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰ কুমাৰ ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সভা।

সভাৰ আৰম্ভণিতে ছয়গাঁও সাহিত্য সভাৰ সভাপতি ভূসণ কলিতাই জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাখন ছয়গাঁৱত অনুষ্ঠিত কৰাৰ বাবে আদৰণি জনায়।

সভাই অহা ২৫ জুন ৰঙিয়াত কামৰূপ জিলা সাহিত্য সভাৰ অধিবেশন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লয়।

সভাত কামৰূপ জিলা সাহিত্য সভাৰ নবনিৰ্বাচিত সভাপতি নৃপেন্দ্ৰ নাথ তালুকদাৰ আৰু সম্পাদক ৰজনী শালৈও উপস্থিত থাকে।

সভাত বৰ্তমানৰ কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকৰ লগতে নব নিৰ্বাচিত জিলা সভাপতি সম্পাদককো ছয়গাঁও সাহিত্য সভাই সম্বৰ্ধনা জনায়।

ছয়গাঁও সাহিত্য সভাই স্বৰ্ণ শাখাৰ স্বীকৃতি পোৱাৰ বিষয়েও সভাপতি নৃপেন্দ্ৰ কুমাৰ ভাগৱতীয়ে এই সভাতে ঘোঁষণা কৰে।

Leave A Reply

Your email address will not be published.