ৰাজ্যজুৰি ৯ টা বৃহৎ প্রকল্প স্থাপনৰ উদ্দেশ্যে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

351

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দুটা বছৰ পূর্ণ হোৱাৰ প্রাকক্ষণত আজি পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত ৰাজ্যজুৰি ৯ টা বৃহৎ প্রকল্প স্থাপনৰ উদ্দেশ্যে বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত অনুষ্ঠিত কৰা হয় ।

আনুমানিক ৮,২০০ কোটি টকাৰ বিনিয়োগেৰে স্থাপন হ’বলগীয়া এই প্রকল্প সমূহৰ যোগেদি ৬ সহস্রাধিক নিয়োগৰ সুযোগ সৃষ্টিৰ লগতে ৰাজ্যখনৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণ, ৰাজহ বৃদ্ধি আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নীতকৰণ সম্ভৱপৰ হ’ব। বিশেষভাৱে উল্লেখনীয় যে ‘পেপচিকো ইণ্ডিয়া হোল্ডিং প্ৰাঃ’ কোম্পানীয়ে নলবাৰীত ৭৭৮ কোটি টকা ব্যয় সাপেক্ষে ‘স্নেক ফুড’ উৎপাদনকাৰী উদ্যোগ স্থাপন কৰিব, য’ত মুঠ ৭০০টা সংস্থাপন কৰা হব।

আজিৰ সভাত কেবিনেট বিমল বৰা , অতুল বৰা , কেশৱ মহন্ত , অজন্তা নেওগ , ইউ.জি. ব্রহ্ম , যোগেন মহন , সঞ্জয় কিষাণ তথা অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.