সৰভোগত চিপিআই(এম)ৰ সৰভোগ জোনেল কমিটিৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী
গণবাৰ্তা,সৰভোগ,২১ আগষ্টঃ উজনি অসমৰ বানপানীক জাতীয় দুৰ্যোগ হিচাপে ঘোষণা কৰা,বানপানী সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰা আৰু বানপীড়িত লোকসকলৰ বাবে সাহায্য বৃদ্ধি কৰাৰ দাবীত ৰাজ্যজুৰি পালন কৰা দাৱী দিৱসৰ অংশ হিচাপে সৰভোগতো বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত হয়।চিপিআই(এম)ৰ সৰভোগ জোনেল কমিটিৰ উদ্যোগত অনুষ্ঠিত এই বিক্ষোভ কাৰ্যসূচী প্ৰায় ১১ বাজি ৩৫ মিনিটত সৰভোগ গান্ধী ময়দানৰ পৰা আৰম্ভ হয়৷বিক্ষোভকাৰী সকলে বিভিন্ন দাবীৰ সমৰ্থনত শ্লোগান দি সমদল কৰি বৰনগৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয়।পৰৱৰ্তী সময়ত বিক্ষোভকাৰীসকলে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে,বিক্ষোভ কাৰ্যসূচীত ৪০ নং সৰভোগ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লগতে চিপিআই(এম)ৰ তিনিখন লোকেল কমিটিৰ নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে৷বিক্ষোভকাৰীসকলে উজনি অসমৰ বানপানীৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বানপীড়িত লোকসকলক পৰ্যাপ্ত সাহায্য প্ৰদান কৰাৰ লগতে বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণৰ দাবী জনায়।মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰখনত উল্লেখ আছে-২০২৬ চনৰ জুলাই মাহৰ ২০ তাৰিখে অসমৰ তিনিখন জিলা শিৱসাগৰ,চৰাইদেউ আৰু যোৰহাটতত বানে কি ভয়ংকৰ ৰূপত ধ্বংস কাৰ্য্য কৰিলে সেয়া আপোনাৰ জ্ঞাত,১০০ তকৈ অধিক লোকৰ বানৰ কোবাল সোঁতত পৰি মৃত্যু হৈছে,কেবালক্ষ লোকৰ ঘৰবাৰী ভাঙিছে,সা-সম্পত্তি ধবংস হৈছে,অভাৱনীয় হাৰত গৰু-মহ,ছাগলী,কুকুৰা আদি বানত উটি গৈ মৃত্যু মুখত পৰিছে,তিনিখন জিলাৰ প্ৰায় ভাগ খেতিপথাৰ,ঘৰৰ ভেটি তিনি চাৰি ফুটকৈ বোকাত পোত গৈছে,এই ভয়ংকৰ প্ৰলয়ংকৰী বানে এই তিনিখন জিলাত কিয় আৰু কেনেকৈ সৃষ্টি হ’ল এই বিষয়ৰ বিভিন্ন প্ৰশ্ন অসমবাসীৰ সন্মুখলৈ আহিছে,অসমবাসীয়ে দৃঢ়তাৰে বিশ্বাস কৰে যে-এই বান মানৱ সৃষ্ট বান,নগা পাহাৰত প্ৰবল বৰষুণ হলেও নগা পাহাৰত হোৱা অবৈধ কয়লাখনন,দিখৌ নদীৰ মুখত বালি আৰু শিল খননে এই বানপানীক প্ৰলয়ংকৰী ৰূপ দি জিলা তিনিখনক ধবংস কৰি পেলালে৷এই অৱস্থাৰ পৰিপেক্ষিতত চিপিআই(এম)য়ে নিম্ন লিখিত দাবী সমূহ সমাধান কৰাৰ বাবে এই স্মাৰকপত্ৰ যোগে দাবী জনায়৷দাবী সমূহ ক্ৰমে(আপোনাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী)-উজনি অসমৰ বানপানীৰ কাৰক সমূহ চিহ্নিত কৰাৰ বাবে বিশেষজ্ঞ কমিটি গঠন কৰক আৰু নিৰ্দ্ধাৰিত সময়ত প্ৰতিবেদন দাখিল কৰক,উজনি অসমৰ এই বানপানীক জাতীয় দুৰ্যোগ(National Disaster/Calamity Of Severe Nature)হিচাপে ঘোষণা কৰক,অসমৰ ওপৰত সামগ্ৰিক প্ৰভাৱ সঠিকভাৱে নিৰ্ণয় নকৰা পৰ্যন্ত দাঁতি কাষৰীয়া ৰাজ্য সমূহৰ নিৰ্মিয়মান নদী বান্ধোৰ কাম স্থগিত ৰাখক,পাহাৰীয়া ৰাজ্য সমূহৰ পৰা অসমৰ মাজেৰে বৈ যোৱা নদী সমূহৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া প্ৰাধিকৰণ স্থাপন কৰক,অসমৰ বানপানী-গৰাখহনীয়া সমস্যাক জাতীয় সমস্যা হিচাপে বিবেচনা কৰি স্থায়ী সমাধানৰ বাবে সময় নিৰ্ধাৰিত কাৰ্যসূচী ঘোষণা কৰক৷আনফালে ৰাজ্য চৰকাৰৰ ওচৰত দাবী সমূহ ক্ৰমে-বানত নিহত পৰিয়ালক ২০ লাখ টকাৰ সাহায্য প্ৰদান কৰক,ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক শ্ৰীঘ্ৰে এক লাখ টকাকৈ সাহায্য দিয়ক,সম্পূৰ্ণ ধবংস হোৱা ঘৰৰ বাবে ১০ লাখ টকা আৰু আংশিকভাবে ক্ষতিগ্ৰস্ত ঘৰৰ বাবে ৫ লাখ টকা আদায় কৰক,শস্যহানী,গৱাদি পশুৰ মৃত্যুৰ বাবে নিৰ্দ্ধাৰিত ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰক,ক্ষতিগ্ৰস্ত পৰিয়াললৈ ৬ মাহলৈ বিনামূলীয়া খাদ্য যোগান ধৰক,বোকাত পোত যোৱা খেতি পথাৰৰ বোকা আতৰাই খেতি কৰিব পৰাৰ ব্যৱস্থা কৰাৰ লগতে প্ৰয়োজনীয় কঠিয়া যোগান ধৰক,ক্ষতিগ্ৰস্ত অঞ্চলবোৰত মহামাৰী ৰোধ কৰা,মানুহ আৰু জীৱ-জন্তুৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰক,বানে গৰকা গাওবোৰত চৰকাৰৰ উদ্যোগত ২০০ দিনৰ কাম নিশ্চিত কৰা,বানত ক্ষতিগ্ৰস্ত শিক্ষানুষ্ঠান,অংগনবাড়ী কেন্দ্ৰ মেৰামতিৰ বাবে বিশেষ পুঁজিৰ আবণ্টন,ছাত্ৰ-ছাত্ৰীলৈ বিনামূলীয়া ইউনিফৰ্ম আৰু কিতাপ-বহী,বিশেষ আৰ্থিক অনুদানৰ ব্যৱস্থা কৰা আৰু বানত বেয়াকৈ ক্ষতিগ্ৰস্ত সকলৰ ঋণ মকুব কৰা৷
