গণ অধিকাৰ, সেৱা,কৃষ্ণাই ২১আগষ্ট: হাতী-মানুহৰ সংঘাত ৰোধৰ লগতে গাঁওবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে গোৱালপাৰা জিলাৰ কৃষ্ণাই ৰেঞ্জৰ বন বিভাগে সজাগতা অভিযান চলায়। কৃষ্ণাই ৰেঞ্জৰ অন্তৰ্গত ২ নং কেতকীবাৰী, গুৱাবাৰী আৰু দহেলা অঞ্চলৰ গাঁওবাসীৰ মাজত কৃষ্ণাই মধ্যাঞ্চলিক বন বিষয়া ধ্ৰুৱজ্যোতি শৰ্মাৰ নেতৃত্বত টৰ্চ লাইট বিতৰণ কৰা হয়।
বনাঞ্চলৰ কাষৰীয়া এই অঞ্চলসমূহত নিশাৰ ভাগত বন্যহস্তীৰ বিচৰণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি গাঁওবাসীৰ সুৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। হাতীৰ উপস্থিতিৰ সময়ত অন্ধকাৰত যাতে ৰাইজে সজাগ হৈ থাকিব পাৰে আৰু হাতীৰ গতিবিধি লক্ষ্য কৰিব পাৰে, তাৰ বাবে টৰ্চ লাইট প্ৰদান কৰা হয়।
ইয়াৰ লগতে বন বিভাগে হাতীৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰখা, হাতীক উত্ত্যক্ত নকৰা আৰু নিশাৰ সময়ত অধিক সাৱধানতা অৱলম্বন কৰিবলৈ গাঁওবাসীক আহ্বান জনায়। বন বিভাগৰ এই পদক্ষেপক আদৰণি জনাইছে স্থানীয় ৰাইজে।
