গণ অধিকাৰ সেৱা,ঘগ্ৰাপাৰ ২০ আগষ্ট : নলবাৰীৰ ঘগ্রাপাৰ আঞ্চলিক ক্রীড়া সংঘৰ উদ্যোগত ৬০ সংখ্যক ৰেজেক আলী সোঁৱৰণী ফুটবল প্রতিযোগিতাৰ উদ্বোধনী খেলখন ঘগ্রাপাৰ পিএমশ্রী ঘগ্রাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মিনি ষ্টেডিয়ামৰ খেলপথাৰত ২৩ আগষ্টৰ বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব। সেই মৰ্মে আজি ঘগ্রাপাৰ আঞ্চলিক ক্রীড়া সংস্থাৰ সভাপতি তফিকুৰ ৰহমান (ৰিন্টু) সম্পাদক বিজয় স্বৰ্গীয়াৰী,খেল সম্পাদক হেমন্ত বডো, উপদেষ্টা ভৱেন বড়ো আদিৰ উপস্থিতিত এক সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰে। সংবাদ মেলত সভাপতি তফিকুৰ ৰহমানে কয় য়ে উক্ত ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হ’ব লগীয়া উদ্বোধনী খেলখনত অংশগ্ৰহণ কৰিব ঘৰুৱা দল ঘগ্রাপাৰ আঞ্চলিক ক্রীড়া সংঘ আৰু ৰঙিয়া টাউন ক্লাৱে । খেলখন উদ্বোধন কৰিব নলবাৰী ক্ৰীড়া সন্হাৰ উপ- সভাপতি মনোজ চৌধুৰীয়ে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব প্রাক্তন ভলীবল খেলুৱৈ নৃপেন দাস, নলবাৰী ক্ৰীড়া সন্থাৰ সম্পাদক বুবুল তালুকদাৰ, বৃহত্তৰ নলবাৰী গণ সেৱা সংস্থাৰ সভাপতি নৱ কুমাৰ তালুকদাৰ আদিয়ে। উল্লেখ্য যে, ডি চি ডি (ৰঙাপানী ),নৱজোতি ক্লাৱ (গুৱাহাটী) বাৰাদি এফ চি (বৰপেটা), সুৰভি সংঘ (দদৰা), চি টি এফ গুৱাহাটী,ৰঙিয়া টাউন ক্লাবকে ধৰি সৰ্বমুঠ অসমৰ আগশাৰীৰ ৮ টা দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব। ৩১ আগষ্টৰ পৰা ৩ ছেপ্টেম্বৰত ছেমিফাইনেলৰ খেলৰ পিছত ৫ ছেপ্টেম্বৰত চুড়ান্ত খেলখন নৈশ লোকত অনুষ্ঠিত কৰিব বুলি জানিব দিয়ে।
