গণ অধিকাৰ সেৱা, দুমুনিচকী/পাথৰিঘাট ২১ আগষ্ট : দৰঙৰ ভূমিত নিজৰ কৰ্ম, আদৰ্শ আৰু জনসেৱাৰ জৰিয়তে জনমানসত সুকীয়া স্থান দখল কৰা জননেতা হেমন্ত কুমাৰ ডেকাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে কালি তেওঁৰ অম্লান স্মৃতি জীয়াই ৰখাৰ উদ্দেশ্যে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। জননেতাগৰাকীৰ সোঁৱৰণত প্ৰতিষ্ঠিত ‘জননেতা হেমন্ত কুমাৰ ডেকা সোঁৱৰণী ন্যাস’ আৰু পৰিয়ালবৰ্গৰ পূৰ্ণ পৃষ্ঠপোষকতাত নিজ বাসগৃহত আয়োজিত অনুষ্ঠানত ‘হেমন্ত সুবাস’ শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ উন্মোচন, ‘সোঁৱৰণীৰ বাৰ্তালাপ’ শীৰ্ষক আলোচনা আৰু ‘জননেতা হেমন্ত কুমাৰ ডেকা মেম’ৰিয়েল স্ক’লাৰশ্বিপ আঁচনি’ৰ চেক বিতৰণ কৰা হয়। পৰিয়ালবৰ্গ, আত্মীয়-স্বজন, শুভাকাংক্ষী তথা সমাজৰ বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটোৱে গাম্ভীৰ্যপূৰ্ণ ৰূপ লয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ, অসমৰ প্ৰধান সম্পাদক ৰাজুমনি দত্তই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে ভকত-বৈষ্ণৱৰ উপস্থিতিত থিয় নাম প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে ‘হেমন্ত সুবাস’ শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থখন উন্মোচন কৰে। গ্ৰন্থখনত প্ৰয়াত জননেতাগৰাকীৰ জীৱন, কৰ্ম, সামাজিক অৱদান আৰু জনসাধাৰণৰ সৈতে থকা আত্মিক সম্পৰ্কৰ বিভিন্ন দিশ প্ৰতিফলিত হৈছে।
ইয়াৰ পিছতে ‘জননেতা হেমন্ত কুমাৰ ডেকা সোঁৱৰণী ন্যাস’ৰ তৰফৰ পৰা ‘শিক্ষা ৰত্ন বঁটা–২০২৬’ গুৰু ব্ৰহ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আগবঢ়োৱা হয়। বিদ্যালয়খনৰ পৰিচালন সঞ্চালক ৰিদীপ ডেকাই বঁটাটো গ্ৰহণ কৰে। আনহাতে, মেধাৱী তথা আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীক উৎসাহিত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা ‘জননেতা হেমন্ত কুমাৰ ডেকা মেম’ৰিয়েল স্ক’লাৰশ্বিপ আঁচনি’ৰ অধীনত ন্যাসৰ পৰিয়ালৰ তৰফৰ পৰা বৃত্তিপ্ৰাপক শিক্ষাৰ্থীসকলৰ প্ৰতিনিধি ধীৰাজ কুমাৰ নাথ আৰু ভাৰ্গৱ জ্যোতি নাথক মুঠ ৫২,৮০০ টকাৰ দুখন চেক প্ৰদান কৰা হয়। ন্যাসৰ অধ্যক্ষ কিশোৰী নন্দন ডেকা আৰু সাধাৰণ সম্পাদক ডা° দিপাশ্ৰী ডেকাই চেক দুখন প্ৰদান কৰে। এই পদক্ষেপে প্ৰয়াত নেতাগৰাকীৰ শিক্ষা, সমাজকল্যাণ আৰু নৱপ্ৰজন্মৰ উন্নয়নৰ প্ৰতি থকা গভীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে বুলি উপস্থিতসকলে মত প্ৰকাশ কৰে। বঁটা বিতৰণৰ পিছতে ‘সোঁৱৰণীৰ বাৰ্তালাপ’ শীৰ্ষক আলোচনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱী, দৰং জিলা পৰিষদৰ সভানেত্ৰী শেৱালী গোস্বামী কলিতা, সদস্যা ৰূপালী দেৱী, অখিল ৰঞ্জন ভট্ট, উপাধ্যক্ষ ড° ৰামচন্দ্ৰ ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সাংসদ দিলীপ শইকীয়াই দূৰভাষযোগে অনুষ্ঠানত অংশগ্ৰহণ কৰি হেমন্ত কুমাৰ ডেকাৰ সোঁৱৰণত স্মৃতিচাৰণ কৰে। বক্তাসকলে প্ৰয়াত হেমন্ত কুমাৰ ডেকাৰ সৰল ব্যক্তিত্ব, জনসাধাৰণৰ প্ৰতি থকা দায়বদ্ধতা আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদান গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে। উল্লেখ্য যে শিক্ষক গণেশ শৰ্মাই সুকলমে আঁত ধৰা অনুষ্ঠানটোত প্ৰয়াত জননেতাগৰাকীৰ পৰিয়ালবৰ্গৰ লগতে বিভিন্ন অঞ্চলৰ বহু সংখ্যক লোক উপস্থিত থাকে।
