নগৰবেৰা: বৰপেটাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাছুমাৰা গাঁৱত সংঘটিত হৈছে এক অঘটন। গাঁওখনৰ আইজুদ্দিনৰ পত্নী আৰু তেওঁৰ চাৰি বছৰীয়া পুত্ৰ পানীত পৰি সন্ধানহীন হৈছে। ব্ৰহ্মপুত্ৰৰ সূঁতিত পৰি সন্ধানহীন হৈছে মাতৃ পুত্ৰ। জানিব পৰা মতে ভেৰাক গা ধুৱাবলৈ আহি সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো। সন্ধানহীন মাতৃ গৰাকী কংকনা দত্ত আৰু চাৰি বছৰীয়া পুত্ৰটো আকিবুল ইছলাম । স্থানীয় লোকে জনোৱা মতে মাকে নদীত ভেৰাক গা ধুৱাই থকা অৱস্থাত হঠাৎ তেওঁৰ চাৰি বছৰীয়া পুত্ৰ আকিবুল ইছলাম পানীত পৰে। পুত্ৰক উদ্ধাৰ কৰিবলৈ গৈ মাতৃ কংকনা দত্তও সন্ধানহীন হৈছে । ঘটনাস্থলীত কাছুমাৰা আৰক্ষী আৰু SDRF ৰ জোৱান উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও কোনো সন্ধান পোৱা নাই।
