উত্তৰ-পূব ভাৰতত জেমেক্স ম’বাইলে মুকলি কৰিলে মোবাইল আনুষঙ্গিক সামগ্ৰীৰ আকৰ্ষণীয় শ্ৰেণী

682

গুৱাহাটী, ০৮ মে’, ২০২৩ : মোবাইল উদ্যোগৰ আগশাৰীৰ এক পৰিচিত নাম জেমেক্স ম’বাইলে শেহতীয়াভাৱে মোবাইলৰ আনুষংগিক সামগ্ৰীৰ পৰিসৰ উন্মোচন কৰে। এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল উত্তৰ-পূব ভাৰতীয় বজাৰখনক লাইভ কথোপকথনৰ অভিজ্ঞতা প্ৰদান কৰাৰ লগতে পাৱাৰ বেংক, ৱায়াৰলেচ ব্লুটুথ ইয়াৰবাড, চাৰ্জিং কেবল, নেকবেণ্ড আৰু স্মাৰ্টৱাচকে ধৰি অত্যাধুনিক মোবাইল আনুষংগিক সামগ্ৰীৰ এক আকৰ্ষণীয় সংগ্ৰহৰ সৈতে পৰিচয় কৰোৱা।

এই অনুষ্ঠানটোত জেমেক্স ম’বাইলে, প্ৰতিজন ব্যৱহাৰকাৰীক উন্নত অভিজ্ঞতা আগবঢ়াবলৈ আৰু সৰ্বোচ্চ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্য ডিজাইন কৰা ইয়াৰ বিস্তৃত পৰিসৰৰ মোবাইল আনুষঙ্গিক সামগ্ৰী সমূহৰ প্ৰদৰ্শন কৰে। ইয়াৰ ভিতৰত পাৱাৰ বেংকসমূহে প্ৰদৰ্শন কৰা চাৰ্জিং ক্ষমতা উল্লেখনীয়। এই পাৱাৰ বেংক সমূহে চলন্ত অৱস্থাতো স্মাৰ্টফোন আৰু অন্যান্য ডিভাইচ সমূহৰ বাবে নিৰৱচ্ছিন্ন ভাবে বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম। সংগীত প্ৰেমী সকল আৰু হেণ্ডছ-ফ্ৰী সংযোগ সুবিধা বিচৰা সকলৰ বাবে জেমেক্সৰ ৱায়াৰলেচ ব্লুটুথ ইয়াৰবাডে আগবঢ়ায় নিৰৱচ্ছিন্ন সংযোগ আৰু অতি উচ্চমানৰ অডিঅ’।

তদুপৰি, চাৰ্জিং কেবলসমূহো উন্নত প্ৰযুক্তিৰে পৰিপুষ্ট, যিয়ে বিভিন্ন ডিভাইচৰ বাবে দ্ৰুত আৰু নিৰ্ভৰযোগ্য চাৰ্জিঙৰ নিশ্চয়তা প্ৰদান কৰে।নেকবেণ্ডসমূহে ইয়াৰ এৰগ’নমিক ডিজাইনৰ দ্বাৰা ইয়াৰ বহুল ব্যৱহাৰৰ লগতে আৰামদায়ক পৰিধানযোগ্যতা আৰু নিমজ্জিত অডিঅ’ ৰ অভিজ্ঞতা প্ৰদান কৰে। শেষত, ষ্টাইল আৰু কাৰ্যক্ষমতাৰ উৎকৃষ্ট মিশ্ৰণেৰে তৈয়াৰী স্মাৰ্টৱাচ সমূহ প্ৰদৰ্শন কৰে, যিয়ে ব্যৱহাৰকাৰীসকলক উন্নতমানৰ ফিটনেছ ট্ৰেকিং, অধিসূচনা, আৰু অন্যান্য বহুতো সুবিধা প্ৰদান কৰে।

বিপণন শাখাৰ উপাধক্ষ্য শ্ৰীযুত অনিন্দ্য ঘোষে সংবাদ মাধ্যমক সম্বোধন কৰি কয়, “উত্তৰ-পূব অঞ্চলটো সদায় জেমেক্স ম’বাইলৰ বাবে এক গুৰুত্বপূৰ্ণ বজাৰ হিচাপে পৰিগণিত হৈ আহিছে আৰু আমি আমাৰ মোবাইল সম্পৰ্কীয় সকলো প্ৰকাৰৰ সামগ্ৰীক এই সজীৱ বজাৰখনৰ সৈতে পৰিচয় কৰাবলৈ পাই আনন্দিত হৈছো। এইবাৰ আমি ৰাষ্ট্ৰীয়ভাৱে তৃতীয় বৰ্ষত আৰু উত্তৰ-পূব ভাৰতত দ্বিতীয় বৰ্ষত পদাৰ্পণ কৰিছোঁ। আমাৰ ২৫তকৈও অধিক চেনেল পাৰ্টনাৰ আছে আৰু আমাৰ সামগ্ৰীসমূহ উত্তৰ-পূব ভাৰতৰ প্ৰায় দুহেজাৰতকৈও অধিক খুচুৰা বিপণীত উপলব্ধ। ৰাজ্যখনৰ এটি গতিশীল ব্যৱসায় হিচাপে গঢ় লৈ উঠা এই প্ৰচেষ্টাক সাধাৰণ বাণিজ্যৰ জৰিয়তে অধিক মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে আমাৰ মানৱ-শক্তি সম্প্ৰসাৰিত কৰাৰ কল্পনা কৰিছোঁ। ইয়াৰ উপৰিও, আমি আনুষঙ্গিক শাখাত আধুনিক বাণিজ্য আৰু খুচুৰা বিক্ৰীকেন্দ্ৰৰ শৃংখল স্থাপন কৰাৰ পৰিকল্পনা কৰি আছোঁ। বৰ্তমান আমাৰ সৈতে সংযোজিত হৈ থকা চেনেল পাৰ্টনাৰসকলৰ পৰা লাভ কৰা সঁহাৰিৰ পৰা আমি সঁচাকৈয়ে যথেষ্ট উৎসাহিত হৈছোঁ। “

জেমেক্সৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত গিনিশ মেগ’ই কোম্পানীটোৰ পৰৱৰ্তী দুই বছৰীয়া পৰিকল্পনাৰ বিষয়ে সকলোকে জানিবলৈ দিয়ে। তেওঁ কয় “ফিচাৰ ফোন কেটেগৰীত আৰু বহু কাম কৰিবলগীয়া আছে। আমি নিৰ্ভৰযোগ্য মানদণ্ডৰ সুলভ মূল্যৰ স্মাৰ্টফোন অনাৰ পৰিকল্পনাও হাতত লৈছোঁ। বৰ্তমান ভাৰতৰ প্ৰায় ১৮ খন ৰাজ্যৰ অফলাইন বজাৰত আমাৰ সামগ্ৰী উপলব্ধ, আৰু অতি সোনকালে ফ্লিপকাৰ্ট, Amazon.in আৰু Rolzone.com দৰে আগশাৰীৰ ই-কমাৰ্চ প্লেটফৰ্মবোৰতো আমাৰ সামগ্ৰী উপলব্ধ কৰোৱাৰ পৰিকল্পনা আছে।

আমাৰ সামগ্ৰীবোৰ অতি নিখুঁতভাৱে ডিজাইন কৰা হৈছে, যাৰ লক্ষ্য হৈছে ব্যতিক্ৰমী সেৱা প্ৰদান কৰা আৰু আমাৰ গ্ৰাহকসকলৰ ম’বাইল অভিজ্ঞতা উন্নত কৰা। আমি বিশ্বাস কৰোঁ যে আমাৰ শেহতীয়া পৰিসৰৰ আনুষঙ্গিক সামগ্ৰীৰ শুভাৰম্ভে অত্যাধুনিক ম’বাইল সমাধানৰ এক আগশাৰীৰ প্ৰদানকাৰী হিচাপে আমাৰ স্থিতি অধিক শক্তিশালী কৰিব। আগন্তুক বছৰবোৰত, আমাৰ নিয়মীয়া বজাৰ আৰু সামগ্ৰী-আধাৰিত গৱেষণাৰ পৰা লাভ কৰা জ্ঞানৰ আধাৰত আমি “ফিচাৰ ফোন আৰু স্মাৰ্টফোন” শ্ৰেণীত অধিক সামগ্ৰী অন্তৰ্ভুক্ত কৰিম। জেমেক্সৰ সম্পূৰ্ণ পৰিসৰৰ আনুষঙ্গিক সামগ্ৰী মুকলিৰ সময়ত ৰাইজৰ পৰা পোৱা সঁহাৰিয়ে আমাক সঁচাকৈয়ে আনন্দিত কৰি তুলিছে। তদুপৰি, এই শ্ৰেণীত প্ৰায় পঞ্চাছটা বজাৰ উপযোগী এছ.কে.ইউ. মুকলি কৰাৰ পৰিকল্পনা ইতিমধ্যে চলি আছে। আমাৰ সামগ্ৰীসমূহ শক্তিশালী আৰু নৈতিকতাৰ উপৰত প্ৰতিষ্ঠিত আৰু আহমেদাবাদত থকা আমাৰ উৎপাদন কেন্দ্ৰটো গুজৰাটত থকা একমাত্ৰ মোবাইল ফোন নিৰ্মাণ কেন্দ্ৰ।”

সংবাদ মাধ্যমৰ প্ৰশ্নৰ প্ৰতি সঁহাৰি জনাই জেমেক্স ম’বাইলৰ এনএছএম শ্ৰীযুত ৰাজেশ সিং ডাঙৰীয়াই কয়, “আমাৰ ওচৰত প্ৰায় ছশতকৈও অধিক অন-ৰোল সেৱা কেন্দ্ৰ আছে যিবোৰ জেমেক্সৰ দ্বাৰা পৰিচালিত হয়। আমি বিক্ৰী-পিছৰ সেৱাবোৰো নিবিড়ভাৱে নিৰীক্ষণ কৰোঁ আমাৰ উদ্দেশ্য হৈছে আমাৰ মূল্যৱান গ্ৰাহকসকলক সকলো ধৰণে সেৱা আগবঢ়োৱা। আমি উচিত মূল্যত নিৰ্ভৰযোগ্য মানদণ্ডৰ সামগ্ৰী প্ৰদান কৰোঁ। আপোনালোক সকলোৱে জানি সুখী হ’ব যে আমাৰ মোবাইল ফোন সমূহ নিম্নতম ৭৯৯/- টকাৰ পৰা উপলব্ধ।

Leave A Reply

Your email address will not be published.