জোনমনি ৰাভাৰ সেই গান গোৱা আৰু গোৱা নহল ….

1,392

সামাজিক মাধ্য়মত গৰিমা গাৰ্গৰ এক বিশেষ ফেচবুক পোষ্ট…

একেবাৰে অবিশ্বাস্য !! সৌ সিদিনা ১৩ মে’ তাৰিখে নগাঁওৰ নেহেৰুবালিত গোটেই নিশাটো তেওঁ আমাৰ লগতে আছিল আৰু আজি হঠাৎ শুনিবলৈ পালো তেওঁ এই পৃথিৱীৰ পৰা চিৰদিনলৈ আঁতৰি গুচি গʼল । মাত্ৰ দুটা দিন আগতে এই মৰম লগা ছোৱালীজনীক, ইমান সাহসী আৰক্ষী বিষয়াগৰাকীক তেওঁৰ ডিউটিৰ মাজতে বৰ ওচৰৰ পৰা লগ পাইছিলোঁ ।

জুবিনৰ অনুষ্ঠানত গৈ নগাঁওত উপস্থিত হোৱাৰ পৰা প্ৰায় পুৱতি নিশা ভাত খাই উভটি অহাৰ সময়লৈকে তেওঁক অতি নিষ্ঠাৰে কৰ্তব্যৰত হৈ থকাই দেখিলোঁ। মৰমলগা সৰু ছোৱালীজনীক কিন্তু সকলোৱে “লেডী সিংহম” বুলিয়েই জানিছিল আৰু কৈছিল। এই সুদক্ষ আৰক্ষী বিষয়াগৰাকীৰ সতে ৪/৫ ঘণ্টা সময়ত সেইদিনা বহু কথাই পাতিছিলো। তেওঁ গান গাই, নাচি ভাল পায় বুলি জনাইছিল । কথা প্ৰসংগত তেওঁ সন্দিকৈ কলেজত পঢ়ি থকা সময়ত নিয়মীয়াকৈ নাচ আৰু গানৰ অনুষ্ঠানো কৰিছিল বুলি জনাইছিল । ধেমালি কৰি জুবিনৰ লগত কোনোবা এদিন মঞ্চত গান এটা গাব বুলিও কৈছিল । কিন্তু সেই গীতটো আৰু কেতিয়াও গোৱা নহʼব ।

#JunmoniRabha আৰু নাই । ৰাতিপুৱাৰ এই খবৰটোৱে আমাক সকলোকে জোকাৰি গʼল । মৃত্যু কেনেকৈ ইমান আকস্মিক আৰু অবিশ্বাস্য হৈ আহে!!

তোমাৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ জোনমনি 🙏 নেদেখা সেই অজান পৃথিৱীখনো পোহৰাই ৰাখাগৈ 🙏

Leave A Reply

Your email address will not be published.