পিতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল কিশোৰ কনিষ্ঠ পুত্ৰৰ |

467

সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাতো আইন শৃংখলাৰ ব্যাপক অৱনতি ঘটিছে | শিৱসাগৰৰ নাজিৰা হুদুপাৰা চেতিয়া গাঁৱত আজি এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে | পিতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল কিশোৰ কনিষ্ঠ পুত্ৰৰ | পিতৃ যোগেন চেতিয়াই হত্যা কৰিলে নিজা পুত্ৰক |

গাঁৱবাসী ৰাইজৰ অভিযোগ পুত্ৰৰ ধাৰাবাহিক অত্যাচাৰ সহিব পৰা নাছিল পিতৃৰ লগতে পৰিয়ালে | ঘটনা সন্দৰ্ভত যোৱা কালি ভুক্তভূগী পৰিয়ালে নাজিৰা আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰিছিল | যদিও আজি পৰ্যন্ত উপস্থিত হোৱা নাছিল আৰক্ষী | অতিষ্ঠ হৈ পিতৃয়ে দাৰে ঘপিয়াই হত্যা কৰে পুত্ৰক |

অৱশেষত ঘটনাস্থলীত নাজিৰা আৰক্ষী উপস্থিত হৈ কিশোৰ গৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি জিলা জয়সাগৰ অসামৰিক চিকিৎসালয় লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে | লগতে পিতৃ যোগেন চেতিয়াক আটক কৰিছে আৰক্ষীয়ে |

Leave A Reply

Your email address will not be published.