বানমূখত পেলনীয়া সামগ্ৰীৰ পুনৰ ব্যৱহাৰ আৰু পৰিৱেশ প্ৰদূষণৰ সন্দৰ্ভত সজাগতা সভা আৰু কৰ্মশালা

411

বানমূখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তত্বাৱধানৰ আৰু ইনভেটিভ এণ্ড কমিউনিটি হাবৰ উদ্যোগত পেলনীয়া সামগ্ৰীৰ পুনৰ ব্যৱহাৰ আৰু পৰিবেশ প্ৰদূষণৰ সন্দৰ্ভত আজি এখনি সজাগতা সভা আৰু কৰ্মশালা সম্পন্ন হৈ যায় ।

বৃহত্তৰ কোৱৰপুৰ মৌজাৰ অন্তৰ্গত বানমূখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অঞ্চলটোৰ প্ৰায় ৫ খন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলক লৈ অনুষ্ঠিত হোৱা কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি শিক্ষক ৱাহিদুৰ ৰহমান হাজৰিকাই ছাত্ৰ- ছাত্ৰীসকলক পৰিৱেশ প্ৰদূষণ ৰোধ কৰা বিভিন্ন দিশসমূহ উল্লেখ কৰাৰ লগতে পেলনীয়া সামগ্ৰীৰ পৰা পুনৰ ব্যৱহাৰ কৰি কিদৰে সামগ্ৰী প্ৰস্তুত কৰা হয় তাৰ বিভিন্ন কৌশল আৰু দিশ কৰ্মশালাৰ মাধ্যমেৰে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে।

ইফালে কৰ্মশালাৰ পূৰ্বে অনুষ্ঠিত হয় এখনি সজাগতা সভাৰ। বানমূখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পূন্যৱতী টায়ে আত ধৰা অনুষ্ঠানটি উদ্বোধন কৰি ডিমৌ শিক্ষাখণ্ডৰ বি আৰ পি তোলন বেজবৰুৱায়ে পৰিৱেশ প্ৰদূষণ ৰোধ কৰা সন্দৰ্ভত মনোজ্ঞ বক্তব্য প্ৰদান কৰাৰ লগতে ইনভেটিভ এণ্ড কমিউনিটি লাৰনিং হাবৰ উদ্যোগত অনুষ্ঠিত কৰা এনে সজাগতা আৰু প্ৰশিক্ষণে উঠি অহা নতুন প্ৰজন্মক উপকৃত কৰিব বুলি আশা ব্যক্ত কৰে।

সভাত বানমূখ ক্লাষ্টাৰৰ সমল কেন্দ্ৰৰ চি আৰ চি চি ইন্দ্ৰ গোহাঁই, দিচাংমূখ হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক কেশৱ নেওগ, সুভসনী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী বিনু গোহাঁই, বানমূখ আদৰ্শ হাইস্কুলৰ শিক্ষক ক্ৰমে- ডলীমণি ফুকন, ব্ৰজেন গগৈ, ২৬ নং গোহাঁইগাও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰণৱ চেতিয়া, বানমূখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰমোদ চেতিয়া , প্ৰাক্তন ছাত্ৰ ভাস্কৰ চাংমাইকে প্ৰমূখ্য কৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্হিত থকাৰ লগতে বহুকেইগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে।

আজিৰ এই অনুষ্ঠানত প্ৰায় ৫ খন বিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰি পেলনীয়া সামগ্ৰী প্ৰস্তুত কৰাৰ কৌশল আয়ত্ব কৰি উৎফুল্লিত হৈ পৰে।

Leave A Reply

Your email address will not be published.