মনিকাঞ্চন বিহু হুঁচৰি দলৰ মহানুভৱতা

358

টদ্ৰৱাৰ মনিকাঞ্চন বিহু হুঁচৰি দলৰ মহানুভৱতা। বিহুত গৃহস্থৰ পদূলিত হুঁচৰি পৰিবেশন কৰি পোৱা ধনেৰে বৃদ্ধাশ্ৰমৰ আইমাতৄ সকলক দিলে খাদ্য সামগ্ৰী।

বটদ্ৰৱাৰ সৰুহিছা গাঁৱৰ মহিলাসকলৰ এটি গোট হৈছে মনিকাঞ্চন বিহু হুঁচৰি দল। এই মনিকাঞ্চন বিহু হুঁচৰি দলৰ মহিলাসকল একত্ৰিত হৈ এইবেলি বিহুত বটদ্ৰৱাৰ গৃহস্থৰ চোতালে চোতালে পৰিবেশন কৰিছিল হুঁচৰি। হুঁচৰি গাই পাইছিল ধন। এই ধনেৰে মনিকাঞ্চন বিহু হুঁচৰি দলৰ মহিলাসকলে নগাঁৱলৈ আহি সন্ত বিনোৱাজী জেষ্ঠ নাগৰিক গৃহ(বৃদ্ধাশ্ৰম)ৰ আইমাতৄ সকলক খাদ্য সামগ্ৰী আৰু ধন প্ৰদান কৰে। বটদ্ৰৱাৰ মহিলা সকলৰ উপস্থিতিত সন্ত বিনোৱাজী জেষ্ঠ নাগৰিক গৃহত আনন্দময় পৰিৱেশ সৃষ্টি হয়। মনিকাঞ্চন বিহু হুঁচৰি দলৰ মহিলাসকলে বৃদ্ধাশ্ৰমৰ আইমাতৄ সকলক গামোছাৰে ওলগ জনাই, সেৱা আগবঢ়োৱাৰ লগতে সকলোৱে হুঁচৰি গাই, বিহু নাচি আনন্দ উপভোগ কৰে। হুঁচৰি গাই পোৱা ধনেৰে প্ৰীতিভোজৰ আয়োজন কৰাৰ বিপৰীতে মনিকাঞ্চন বিহু হুঁচৰি দলে সেই ধনেৰে বৃদ্ধাশ্ৰমৰ আইমাতৄ সকলক খাদ্য সামগ্ৰী প্ৰদান কৰা এই মহানুভৱতা তথা ব্যতিক্ৰমী পদক্ষেপক সকলোৱে একেমুখে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.