৩০ জুলাইত মুকলি হ’ব অসম বিধানসভাৰ নতুন ভৱন

1,467

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ঘোষণা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ অহা ৩০ জুলাইত অসম বিধানসভাৰ নতুন ভৱন মুকলি কৰা হ’ব বুলি সদৰী কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। লোকসভাৰ অধ্যক্ষই অসম বিধানসভাৰ নতুন ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰিব । বৃহস্পতিবাৰে অসম বিধানসভাত সংবাদ মেল সম্বোধন কৰি বিশ্বজিৎ দৈমাৰীয়ে লগতে আন কে’বাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বিশ্বজিৎ দৈমাৰীয়ে কয় যে অসম বিধানসভাই সংসদীয় গণতন্ত্ৰলৈ সংবিধানৰ সংসদীয় যিবোৰ ব্যৱস্থা আছে সেয়া সঠিকভাৱে ৰূপায়ণ কৰিবলৈ তৃণমূল পৰ্যায়ত কিদৰে আলাপ-আলোচনা কৰিব পাৰি তাক লৈ ব্যৱস্থা লৈছে । পঞ্চায়ত প্রতিনিধিসকলক সংবিধানে দিয়া ক্ষমতা আৰু কৰ্তৃত্ব যাতে সুচাৰুৰূপে হয়, তাৰবাবে অসম বিধানসভাৰ উদ্যোগত পঞ্চায়ত সন্মিলন অনুষ্ঠিত কৰা হ’ব। অহা ৮ জুলাই শনিবাৰে এই সন্মিলন পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হ’ব। ইতিমধ্যে ডিব্ৰুগড়ত প্ৰথমখন সন্মিলন হৈছিল, তাৰ পাছত এইখন হ’ব দ্বিতীয়খন সন্মিলন।

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে লগতে সদৰী কৰে যে ৬খন জিলাৰ পঞ্চায়ত প্রতিনিধিসকলক লৈ ৮ জুলাইৰ সন্মিলনখন অনুষ্ঠিত কৰা হ’ব। লগতে ৬ জিলাৰ বিধায়কসকল ইয়াত উপস্থিত থাকিব। ৰাজ্যপালে উদ্বোধন কৰিব লগা এই সন্মিলন দৰং, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ’, মৰিগাঁও আৰু নগাঁও জিলাক সামৰি অনুষ্ঠিত কৰা হ’ব। পঞ্চায়তী ৰাজ ব্যৱস্থা শক্তিশালীকৰণেই হ’ব এই সন্মিলনৰ মূল লক্ষ্য বুলি সদৰী কৰি বিশ্বজিৎ দৈমাৰীয়ে কয় যে গ্রামাঞ্চলত সামাজিক, অর্থনৈতিক দিশত কেনেকৈ আগুৱাই নিব পাৰি তাৰ ওপৰত সন্মিলনত গুৰুত্ব দিয়া হ’ব। পঞ্চায়ত প্রতিনিধিসকলে কি সমস্যাৰ সন্মুখীন হৈ আছে সেয়াও বুজ লোৱা হ’ব। লগতে বিধায়িনী প্ৰক্ৰিয়াৰে বিধানসভাত কিবা কৰিবলগীয়া আছে নেকি সেয়া আলোচনা কৰা হ’ব। এই সন্মিলনত মুঠ ১,২১৩জন প্রতিনিধিয়ে অংশগ্রহণ কৰিব। ইফালে, অসম বিধানসভাৰ বিধায়ক আৱাসত উদ্যান নিৰ্মাণৰ বাবে গছ কটা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিশ্বজিৎ দৈমাৰীয়ে কয় যে আন্তঃগাঁথনিৰ বাবে গছ কটা হৈছে। নিৰ্মাণৰ বাবে গছ কটা হয়। কিন্তু প্রয়োজন অনুসৰি গছ ৰোপণ কৰা হ’ব।

Leave A Reply

Your email address will not be published.